বিশ্বনাথৰ ভাড়াঘৰত উদ্ধাৰ বিহালীৰ ছাত্ৰৰ নিথৰ দেহ...

চিপ লৈ থকা অৱস্থাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

বিশ্বনাথৰ ভাড়াঘৰত উদ্ধাৰ বিহালীৰ ছাত্ৰৰ নিথৰ দেহ...

ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথ চাৰিআলি বামগাঁৱৰ এক ভাড়াঘৰৰ কোঠাত অৰ্ধগলিত অৱস্থাত বিহালীৰ বিহমাৰীৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশ্বনাথৰ বামগাঁ‌ৱৰ এক ভাড়া ঘৰত যোৱা পাঁচ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল ছাত্ৰগৰাকী৷

Advertisment

আজি সমগ্ৰ এলেকা ব্যাপি এক দুৰ্গন্ধ বিয়পি পৰাত ঘৰৰ মালিকে অনুসন্ধান চলোৱাত ভাড়া ঘৰৰ কোঠাৰ ভিতৰত ফেনত ছিপ লৈ থকা অৱস্থাতত প্ৰত্যক্ষ কৰে। জানিব পৰামতে ছাত্ৰজনক বিশ্বনাথ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ জীৱন কাৰডং (২৩) বুলি চিনাক্ত কৰা হৈছে।

ছাত্ৰজন বিহমাৰীৰৰ লোকেশ্বৰ কাৰডংৰ পুত্ৰ বুলি জানিব পৰা গৈছে। ছাত্ৰগৰাকীৰ যোৱা দেওবাৰেই মৃত্যু হোৱাৰ সন্দেহ ‌কৰা হৈছে। ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ছাত্ৰ গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

Also Read: সুনীল পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ আহ্বান IGP সংযুক্তা পৰাশৰৰ...

মৃতদেহ উদ্ধাৰ বিশ্বনাথ