সুনীল পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ আহ্বান IGP সংযুক্তা পৰাশৰৰ...

ঢকুৱাখনাৰ সন্ধানহীন সুনীলৰ ঘৰত চি আই ডিৰ দল
সুনীল পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ আহ্বান IGP সংযুক্তা পৰাশৰৰ...
সুনীল পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ আহ্বান IGP সংযুক্তা পৰাশৰৰ...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: "আপোনাক বিধবা সাজ পিন্ধিবলৈ কোনে ক'লে? কিয় এনে সাজ পিন্ধি আছে? এনে সাজ ত্যাগ কৰক। এইটো জাহাঙ্গীৰৰ হে মৃতদেহ। সুনীলৰ নহয়। আপোনাৰ মানুহজন জীয়াই আছে।" ঢকুৱাখনাৰ নিখোজ বিজেপি নেতা সুনীল গগৈৰ পত্নী পুষ্পা গগৈক উদ্দেশ্য কৰি মন্তব্য সমগ্ৰ ঘটনাৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ আই জি পি সংযুক্তা পৰাশৰৰ ।

মঙ্গলবাৰে বিয়লি শীর্ষ আৰক্ষী বিষয়াগৰাকী ঢকুৱাখনা সাপতিয়া চেতিয়া গাঁওৰ সুনীল গগৈৰ ঘৰত উপস্থিত হৈ তেওঁ কিয় বিধৱা সাজ পৰিধান কৰি আছে বুলি প্ৰশ্ন কৰে সুনীল পত্নীক। প্ৰথমবাৰৰ বাবে ঘটনা ক্ৰমৰ সন্দৰ্ভত পুষ্পা গগৈক ঘৰতে সাক্ষ্য লোৱা আই জি পিগৰাকীয়ে ঘটনাৰ প্ৰথমৰে পৰা শেষলৈকে সকলো বিবৰী সুধি উভতি যায়।

শীর্ষ আৰক্ষী বিষয়াগৰাকীক সুনীলৰ পত্নীয়ে প্ৰশ্ন কৰে যদি সুনীল জীয়াই আছে তেন্তে কিয় তেওঁক উলিয়াই দিব পৰা নাই? তেওঁৰ অৱস্থিতি কিয় জনাব পৰা নাই আৰক্ষীয়ে ? পুষ্পা গগৈৰ এনে প্ৰশ্নত আৰক্ষী বিষয়াগৰাকীয়ে কয় মানুহ হেৰাই গ'লে সহজে নাপায়। আমি চেষ্টা কৰি আছো, বিচাৰি আছোঁ। কাৰোবাৰ লগত হয়তো থাকিব পাৰে।"

কিছু সময় সাক্ষ্য গ্ৰহণ কৰি পৰাশৰ উভতি যায়। ইপিনে আৰক্ষী বিষয়াগৰাকীক সুনীল পত্নীয়ে পুত্ৰৰ শিক্ষা গ্ৰহণৰ বাবে ঘৰতে থাকিব লগা হোৱাত শৈক্ষিক দিশত বাধা আহি পৰা দিশটো অনুকীয়াই দিয়াত পুত্ৰক শিক্ষানুষ্ঠানলৈ যোৱাৰ অনুমতি দিয়ে।

পৰাশৰে পুত্ৰ আৰু ভতিজাকক ঘৰত সাক্ষ্য ল'বলৈ নাপাই ঢকুৱাখনা সদৰ থানালৈ মাতি আনে। থানাত উপস্থিত হোৱা দুই যুৱকৰ সাক্ষ্য গ্ৰহণ কৰে চি আই ডিৰ দলে। উল্লেখ্য যে সুনীলৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা চি আই ডিয়ে জাহাঙ্গীৰৰ ছিন্ন মুণ্ড উদ্ধাৰটো নির্লজ ভাবে ব্যৰ্থ হৈছে।

সুনীল পত্নীক বিধৱা সাজ পৰিধান নকৰিবলৈ আহ্বান IGP সংযুক্তা পৰাশৰৰ...
আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in