মণিপুৰৰ জঘণ্য কাণ্ডক লৈ বিশ্বনাথত NSUIৰ তীব্ৰ প্ৰতিবাদ...

মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ জঘণ্য কাণ্ডক লৈ বিশ্বনাথত NSUIৰ তীব্ৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, বিশ্বনাথঃ সমগ্ৰ দেশ কঁ‌পোৱা মণিপুৰৰ মহিলা যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰ বাবে শনিবাৰে সন্ধিয়া ৭ বজাত বিশ্বনাথ চাৰিআলিৰ মাজমজিয়া পুলিচ পইন্টত মণিপুৰ কাণ্ডৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ জিলা এন এছ উই আয়ে।

Advertisment

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুছিয়াৰ আদি বিভিন্ন শ্লোগান দিয়াৰ লগতে মণিপুৰত দুগৰাকী মহিলা বিবস্ত্ৰ কৰি এনেদৰে ৰাজপথত সমদল কৰা কাৰ্যত জড়িত সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে। প্ৰতিবাদকাৰীসকলে কয় যে, নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰিব লাগে আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ঘোষণা কৰিব লাগে।

উল্লেখ্য উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে এনএচইউআইৰ সভাপতি ৰকিবুল হক, সম্পাদক চাক্লিন মুস্তাক, ইছমাইল হকৰ লগতে বিভিন্ন আঞ্চলিকৰ পৰা অহা বহু সদস্যই।

Also Read: অৰুণাচলৰ টিৰাপত আটক ২ আলফা কেডাৰ...

manipur violence