/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cf26c8f2-a25c-4739-a284-f03f3f6637f8/Daa.jpg)
ডিজিটেল ডেস্ক : বিশ্বনাথত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। শুই থকা অৱস্থাত নিজৰ খুৰাকে কুঠাৰৰে ঘপিয়াই হত্যা কৰিলে ভতিজাকক। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।
বিশ্বনাথৰ কদমনি গাঁৱত সংঘটিত হৈছে এই ঘটনা। মহেশ ঘাটোৱাৰ নামৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ জনক হত্যা কৰে খুৰাক মণ্টু ঘাটোৱাৰে। হত্যাকাণ্ড সংঘটিত কৰি বিশ্বনাথ আৰক্ষী থানাত আত্মসমৰ্পন কৰে হত্যাকাৰী মণ্টু ঘাটোৱাৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Also Read: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত কলা শাখাৰ শীৰ্ষ দহত কোন কোন...