বিশ্বনাথত নিশা বন্যহস্তীৰ তাণ্ডৱঃ কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

ৰাজ্যত বন্যহস্তীৰ সন্ত্ৰাসে চৰম ৰূপ ধাৰণ কৰি আহিছে৷ বহু বছৰ ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰে

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত নিশা বন্যহস্তীৰ তাণ্ডৱঃ কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ

ডিজিটেল সংবাদ, বিশ্বনাথঃ ৰাজ্যত বন্যহস্তীৰ সন্ত্ৰাসে চৰম ৰূপ ধাৰণ কৰি আহিছে৷ বহু বছৰ ধৰি বিশ্বনাথৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে শুকুৰবাৰে নিশা বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ বালিডুবি অঞ্চলত কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই হজৰত আলি নামৰ ব্যক্তিজন ঘৰত। বন্যহস্তীয়ে ব্যক্তজনৰ ঘৰ তথা ঘৰৰ বিভিন্ন সামগ্ৰী ভাঙি পেলোৱাৰ লগতে বৃহৎ পৰিমাণৰ ধান নষ্ট কৰে ৷

Advertisment

আনহাতে কণ-কণ শিশুকেইটিক বুকুত সাৱটি কথমপি প্ৰাণ ৰক্ষা পৰে গৰাকীৰ। উল্লেখ্য যে, বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো উপস্থিত নহ'ল বন বিভাগৰ লোক ৷ বন বিভাগে সুৰক্ষা দিয়াৰ পৰিৱৰ্তে ঘটনাস্থলীলৈ নাহি বৰঞ্চ গাঁও প্ৰধানকহে চোৱা-চিতা কৰিবলৈ দায়িত্ব প্ৰদান কৰা ভাষ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত।

"বন বিভাগৰ এনে ভাষ্যই কি সূচায় সেয়া আচৰিত কথা তথা বনমন্ত্ৰী ডাঙৰীয়া এইয়াই নেকি আপোনাৰ বিভাগৰ নমুনা? ঘটনা সংঘটিত হোৱা ১০ ঘণ্টা উকলি যোৱাৰ পাছতো কিয় ঘটনাস্থলীত উপস্থিত নহয় আপোনাৰ বিষয়া-কৰ্মচাৰী ? কিয় ঘটনাস্থলীৰ পৰা মাত্ৰ কিছু নিলগত অৱস্থান কৰি থকা হাতীৰ জাকটোক খেদি পঠাবলৈ সক্ষম নহয় আপোনালোক?" বুলি প্ৰশ্ন উত্থাপন কৰে অঞ্চলবাসীয়ে।

Also Read: মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযানঃ ৩ পাচলিত বিষাক্ত দ্ৰব্য

forest department of assam