/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d0e99ddc-0d18-4a50-bf99-7c6d7ded88bf/Bish.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবীত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা ঘেৰাও গুপ্তকাশী বিশ্বনাথ ঘাটৰ শতাধিক পুৰুষ-মহিলাৰ।ঠিকাদাৰ জাপান দাসে কিছু দিন পূৰ্বে বিশ্বনাথ ঘাটত বকুল দাস নামৰ লোকজনক প্ৰহাৰ কৰিছিল। যাৰ বাবে লোকজনে বৰ্তমানেও গুৱাহাটী মেডিকেল কলেজৰ আই চি ইউত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে।
আৰ টি আইৰ জৰিয়তে বকুল দাসে ঠিকাদাৰ জাপান দাসৰ দুৰ্নীতি উদঙাই দিয়াৰ বাবেই প্ৰহাৰ কৰিছিল। পিছে আজিলৈকে বিশ্বনাথ আৰক্ষীয়ে ঠিকাদাৰ জাপান দাসক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত থানা ঘেৰাও কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে স্থানীয় ৰাইজে। অৱশ্যে পিছত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
Also Read: বৰহোলাৰ চাৰিআলি-নগাবাট সংযোগী পথৰ বিধস্ত অৱস্থাঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us