বৰহোলাৰ চাৰিআলি-নগাবাট সংযোগী পথৰ বিধস্ত অৱস্থাঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

বৰহোলাৰ চাৰিআলি-নগাবাট সংযোগী পথৰ বিধস্ত অৱস্থাঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

author-image
Asomiya Pratidin
New Update
বৰহোলাৰ চাৰিআলি-নগাবাট সংযোগী পথৰ বিধস্ত অৱস্থাঃ কাণসাৰ নাই জনপ্ৰতিনিধিৰ

ডিজিটেল সংবাদ, ঘিলাধাৰীঃ যোৰহাট জিলাৰ তিতাবৰ লোকনিৰ্মাণ বিভাগৰ অধীনৰ বৰহোলা চাৰিআলিৰ পৰা নগাবাট সংযোগী পকী বিধস্ত পথছোৱাত পথচাৰীয়ে যাতায়ত কৰোঁতে যমৰ-যান্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা পথছোৱা বৰ্তমান ব্লেকটপিং, শিল-বালি, মাটি এৰি যোৱাত বৰহোলা চাৰিআলিৰ নগাবাট পথত বৃহৎ আকাৰৰ দ-গাঁত সৃষ্টি হৈছে ৷ যাৰ বাবে বৰ্তমান সাধাৰণ এজাক বৰষুণ দিলেই গাঁতসমূহত পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে৷

Advertisment

ফলত পথছাৰীয়ে পথছোৱাত যাতায়ত কৰোঁতে দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৷ পথছোৱাত ইতিমধ্যেই সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। ইমানৰ পাছতো পথছোৱা নতুনকৈ নিৰ্মাণৰ দূৰৈৰ কথা গাঁতসমূহত শিল-মাটি অলপমান দি মেৰামতি কৰিবলৈও গুৰুত্ব নাই বিভাগ কিম্বা জনপ্ৰতিনিধিৰ৷ উল্লেখ্য যে উক্ত পথছোৱায়েদি সহস্ৰাধিক শিক্ষাৰ্থী বৰহোলা মহাবিদ্যালয়, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ব ৰহোলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় তথা ভালেকেইখন আগশাৰী ব্যক্তিগত খণ্ড বিদ্যালয়লৈ যাতায়ত কৰা লগতে সাধাৰণ ৰাইজ বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰ, ভাৰতীয় ষ্টেট বেংক বৰহোলা শাখা,পাঞ্জাব নেশ্যনেল বেংক বৰহোলা শাখা, অসম গ্ৰামীণ বিকাশ বেংক নগাবাট শাখা, বৰহোলা দৈনিক আৰু সপ্তাহিক বজাৰলৈ দৈনিক যাতায়ত কৰিবলগীয়া হয়৷

বৰহোলা নগৰৰ মাজমজিয়াৰ পৰা নগাবাট সংযোগী বিধস্ত পথছোৱা নিৰ্মাণ কৰিবলৈ বৰহোলাবাসীয়ে সংশ্লিষ্ট বিভাগৰ লগতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক বাৰম্বাৰ আবেদন নিবেদন জনাই আহিছে যদিও আজিলৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। অতি শীঘ্ৰেই এই পথছোৱা পুনৰ নিৰ্মাণৰ দাবী স্থানীয়ৰ।

Also Read: আজিৰে পৰা আৰম্ভ হ'ব এছিয়াৰ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩

GOVT OF ASSAM