গহপুৰত বিহু কৰ্মশালা...

নঙলামুখত হেঁপাহৰ ৰঙালী । চৌদিশ ঢোলৰ গুমগুমনি । নাচনী, ঢুলীয়াৰ তত নাই গাঁত। আহিছে বহাগৰ বিহুটি
 বিহু কৰ্মশালা
বিহু কৰ্মশালা

ডিজিটেল সংবাদ, গহপুৰঃ নঙলামুখত হেঁপাহৰ ৰঙালী । চৌদিশ ঢোলৰ গুমগুমনি । নাচনী, ঢুলীয়াৰ তত নাই গাঁত। আহিছে বহাগৰ বিহুটি।

বিহুটিত আদৰাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে । কুলি কেতেকীৰ লগতে কৰ্মশালাবোৰেও লৈ আহিছে বিহুৰ বতৰা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গহপুৰতো অনুষ্ঠিত কৰা হৈছে বিহু নাচৰ কৰ্মশালা ।

গহপুৰৰ বালিজান বিলতীয়াত জোনাকী নাট্য গোষ্ঠীৰ উদ্যােগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হয় । বহুসংখ্যক কণ কণ ঢুলীয়া-নাচনীয়ে অংশ লৈছে কৰ্মশালা খনিত ।

 বিহু কৰ্মশালা
নঙলামুখত গৰু বিহু : পঘা বনোৱাত ব্যস্ত শ্যামকলীয়া গাঁৱৰ বয়োজেষ্ঠসকল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in