/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/248e8a9e-299b-458d-9fb8-007509672a23/goru_bihu.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গো-ধন অতীজৰে পৰা অসমীয়া জাতীয় জীৱনৰ তথা অসমীয়া আৰ্থ সামাজিক ব্যৱস্থাৰ এক অপৰিহাৰ্য অংগ । সেই বাবেই ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়।
গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়। দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে।
অসমৰ কৃষিপ্ৰধান সমাজত গৰুৱে পালন কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে। গৰুক নতুন পঘা দিয়া গৰু বিহুৰ এক উল্লেখযোগ্য নিয়ম। এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে ‘তৰাগছ’ৰ বাকলি সোমোৱাই এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি প্ৰলেপ সানি গৰু বিহুৰ দিনাই গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়।
গাঁৱত বিহু জীয়াই থাকিলেও লাহে লাহে হ্ৰাস পাইছে গৰুৰ সংখ্যা। বিভিন্ন কাৰণত কৃষি জীৱনৰ প্ৰতি সাধাৰণ গাঁৱলীয়াৰো অনিহা বৃদ্ধি পাইছে। তদুপৰি যিসকল কৃষকে এতিয়াও চহা মাননণ্ড জীয়াই ৰাখিছে, তেওঁলোকেও আধুনিকাৰ ধামখুমীয়াত হালোৱা গৰুহাল এৰি অন্য পদ্ধতিৰে কৃষি কৰ্ম আৰম্ভ কৰিছে। আধুনিকতাই চৰম ভাবুকি কঢ়িয়াই আনিছে বিহুটিলৈ। কিন্তু তাৰ ব্যতিক্ৰমী একাংশ চহা গাৱলীয়া লোক।
যান্ত্ৰিকতাৰ কোলাহলৰ মাজতো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে, সংস্কৃতি। বিহুলৈ মাজত মাথোঁ চাৰি দিন থকা অৱস্থাত বটদ্ৰৱাৰ শ্যামকলীয়া গাঁৱৰ বয়োজেষ্ঠসকলে গো-ধনৰ বাবে পঘা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। ৯০ বছৰীয়া বয়োজেষ্ঠ গোপাল শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নৱ প্ৰজন্মক ববে বহু কথা কৈ গ'ল।
পূৰ্বে কুৰিটা গৰুৰ বাবে চ'তৰ আৰম্ভণিৰ পৰাই পঘা বতিবলৈ আৰম্ভ কৰিছিল যদিও বৰ্তমান মাত্ৰ ৪টা গৰুৰ বাবে চাৰিদিনতে পঘা বতা কাম তেওঁ শেষ কৰিব। ইফালে পঘা বনাওঁতে (নাকি, গলমনি, ৰাচ) বলধ গৰুৰ বাবে তিনি তিনিকৈ ৯গুণ পঘা বনোৱা নিয়ম আৰু গাই গৰুৰ নাকি নাথাকে বাবে গলমনি আৰু চোৰ পঘা এই দুভাগত তিনিগুণকৈ ৬গুণ বনোৱা নিয়মৰ বিষয়ে উল্লেখ কৰে।
গোপাল শইকীয়াৰ লগতে গাঁৱৰ দেহিৰাম বৰা আৰু দুতিৰাম শইকীয়াইয়ো হেৰাই যাব খোজা এই চহকী সংস্কৃতি শিকি বুজি ল'বলৈ নতুন চামক আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2178df90-4833-4ae0-8ed9-9745e260c1e3/5e0c3366_8931_4cde_9a76_891909175e4b.jpg)
Also Read: আঠগাঁও উৰণীয়া সেতুত পথ দুৰ্ঘটনা