ৰঙাপৰাৰ কলনী চাহ বাগিচাত ভেকুলী বিয়া

তথ্য অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ’বলৈ লৈছে...
ৰঙাপৰাৰ কলনী চাহ বাগিচাত ভেকুলী বিয়া

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ঐ ৰাম বিৰছা আৰু মায়াৰ বিয়াহে...৷ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ৰঙাপাৰাৰ কলনী চাহ বাগিচাৰ ৰভাতলি ৷ পুৰহিতৰ বেদ-মন্ত্ৰৰ ধ্বনি আৰু আয়তিৰ উৰুলিৰ মাজত আনুষ্ঠিত হৈছে এখন বিশেষ বিয়া ৷

এতিয়া বাৰিষাৰ বতৰ, কিন্তু বিগত কিছুদিন ধৰি ৰাজ্যত নাই বৰষুণ। উৎকট গৰমৰ গৰাহত জ্বলাকলা খাইছে ৰাজ্যবাসীয়ে। দিনক দিনে কমি আহিছে বৰষুণৰ পৰিমাণ ৷

উল্লেখ কৰা প্ৰয়োজন যে ২০২৩ চনৰ সামগ্ৰীক তথ্যমতে দেশজুৰি (এল পি এৰ ৯৪%) দীৰ্ঘ সময়ৰ গড় (এল পি এ)তকৈ কম আছিল। আই এম ডিৰ তথ্য অনুসৰি ২০২৩বৰ্ষত দেশত আগষ্ট মাহত মুঠ বৃষ্টিপাতৰ সংখ্যা ১৬০.৪ মিঃমিঃ আছিল, যিটো স্বাভাৱিকতকৈ বহু কম। ইয়াৰ স্বাভাৱিক পৰিমাণ হ’ল ২৪১ মিঃমিঃ।

ইফালে এক তথ্য অনুসৰি অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি কেইবছৰমানৰ পৰা জলবায়ুৰ লক্ষণীয়ভাৱে পৰিৱৰ্তন হ’বলৈ লৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বৰষুণ আৰু তাপমাত্ৰাৰ লেখৰ পৰা জানিব পৰা গৈছে যে একোটা বছৰত হোৱা বৰষুণৰ গড় পৰিমাণ প্ৰায় ২৫ শতাংশলৈ হ্ৰাস পাইছে।

এইসমূহ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে বতৰৰ এই অস্বাভাৱিক পৰিৱৰ্তনে ৰাজ্যবাসীৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। অৱশ্যে কোনো কোনো অঞ্চলত দুই-এজাক বৰষুণ আহিছে যদিও এইহেন গেলা গৰমৰ বাবে পৰ্যাপ্ত নহয়। সকলোকে লাগে এজাক বৰষুণ।

সেয়ে এজাক বৰষুণৰ বাবে ৰঙাপাৰা বাগিচা অঞ্চলত অনুষ্ঠিত কৰা  হৈছে ভেকুলি বিয়া ৷ ৰঙাপৰা কলনি  চাহ বাগিচা চাহ শ্ৰমিক ৰাইজে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ পাতিছে ভেকুলি বিয়া ৷

প্ৰবাদ অনুসৰি তথা লোকবিশ্বাস মতে ভেকুলি বিয়া পাতিলে বৰষুণ হয়। সেই পৰম্পৰাৰ ওপৰতে নিৰ্ভৰ কৰি সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে কলনি চাহ বাগিচাত অনুষ্ঠিত কৰা ভেকুলি বিয়াত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বহু বছৰ আগেয়ে ভেকুলি বিয়া পতা হৈছিল যদিও কালক্ৰমত এই পৰম্পৰা বিলুপ্তপ্ৰায় অৱস্থালৈ আহে। আজিৰ প্ৰজন্মৰ অধিকাংশ লোকে এনেবোৰ লোকাচাৰ-পৰম্পৰা সন্দৰ্ভত জ্ঞাত নহয়।

হেৰাই যাবলৈ ধৰা এই ভেকুলি বিয়া পৰম্পৰা ধৰি ৰখাৰ চেষ্টাৰে কলনি চাহ বাগিচা অঞ্চলৰ ৰাইজে এক প্ৰয়াস কৰাৰ কথা জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত বিয়া গীতেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ৷

উল্লেখযোগ্য বৰষুণৰ প্ৰভাৱ আন আন ৰবি শস্যৰ সমান্তৰালকৈ চাহ উদ্যোগতো পৰিছে ৷ অনাবৃষ্টিৰ ফলত হোৱা খৰাং বাবে শুকাই মৰি গৈছে চাহগছসমূহ ৷ অভাৱনীয় হাৰত বৰষুণ হ্ৰাস পোৱাত বাগিচাৰ কেঁচাপাতৰ উৎপাদন প্ৰায় বন্ধ হৈ পৰিছে ৷

বন্ধ হৈ পৰিছে চাহ শ্ৰমিকৰ কাম-কাজ ৷ বৰষুণ নোহোৱাৰ বাবে কৃষক ৰাইজেও মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ বৰুণ দেৱতাৰ সন্তুষ্ট কৰাৰ উদ্যশৰে এনেদৰে কলনী চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ভেকুলী বিয়া অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে।

ৰঙাপৰাৰ কলনী চাহ বাগিচাত ভেকুলী বিয়া
কোভাক্সিন লোৱা ব্যক্তিয়েও ভুগিছে পাৰ্শ্বক্ৰিয়াত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in