কৰ্কট ৰোগী মাতৃৰ মুখ নেদেখিলে পুত্ৰইঃ দুৰ্বৃত্তৰ দলে কাটি টুকুৰা টুকুৰ কৰিলে বাবুলৰ দেহ...

কৰ্কট ৰোগী মাতৃৰ মুখ নেদেখিলে পুত্ৰইঃ দুৰ্বৃত্তৰ দলে কাটি টুকুৰা টুকুৰ কৰিলে বাবুলৰ দেহ...

author-image
Asomiya Pratidin
New Update
কৰ্কট ৰোগী মাতৃৰ মুখ নেদেখিলে পুত্ৰইঃ দুৰ্বৃত্তৰ দলে কাটি টুকুৰা টুকুৰ কৰিলে বাবুলৰ দেহ...

ডিজিটেল ডেস্কঃ বহি: ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ ভয়াবহ ভাৱে মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল অসমৰ এজন যুৱকে। যুৱকজনৰ ঘৰ‌ গহপুৰত।

Advertisment

প্ৰায় ছয় বছৰ আগৰ পৰাই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰনগৰ হাবিলিৰ CPF নামৰ কোম্পানীত কাম কৰিছিল সোলেঙী ৰজাবাৰীৰ বাবুল বৰাই। মাকৰ অসুখ হোৱাৰ বাবে ঘৰলৈ ট্ৰেইনেৰে আহিছিল যুৱক জন।

ট্ৰেইনতেই কৃষ্ণাণগঞ্জ ষ্টেচনত অচিনাক্ত দুৰ্বৃত্তই যুৱকজনৰ ওচৰতে যাত্ৰা কৰা দুজন যাত্ৰীক হত্যা কৰে। সেই ঘটনা গহপুৰৰ যুৱক জনে প্ৰতক্ষ্য কৰাৰ পাছতেই ২৯ বছৰীয়া যুৱক বাবুল বৰুৱাকো মাৰিবলৈ উদ্যত হয়।

তাৰ পাছতেই বাবুল বৰাই প্ৰাণ ৰক্ষা কৰিবলৈ ষ্টেচনৰ বাহিৰলৈ পলাই আহে। এই সকলো ঘটনা ফোন যোগে পত্নীক অৱগত কৰিছিল বাবুলে। কিন্তু সেই দুৰ্বৃত্তৰ দলটোৰ পৰা সাৰি নগ'ল বাবুল।

পত্নীক ফোন কৰাৰ পাছতে দুৰ্বত্তৰ দলটোৱে বাবুল বৰাকো নৃশংস ভাৱে হত্যা কৰে। হত্যাকাৰীয়ে বাুলৰ দেহ কাটি টুকুৰা টুকুৰ কৰে। এই ঘটনাই এতিয়া সমগ্ৰ গহপুৰত শোকৰ ছাঁ পেলাইছে।

Also Read: ইতিহাসৰ পুনৰাবৃত্তি ! আৰ চি বিৰ সন্মুখত দিশহাৰা ৰাজস্থান ৰয়েলছ...

গহপুৰ