১০০ টকাৰে শস্য বীমা কৰক আৰু লাভ কৰক ৪০,৭৫৪ টকাৰ পৰা ৬৭,৯২০ টকালৈ…

১০০ টকাৰে শস্য বীমা কৰক আৰু লাভ কৰক ৪০,৭৫৪ টকাৰ পৰা ৬৭,৯২০ টকালৈ…

author-image
asomiyapratidin
New Update
১০০ টকাৰে শস্য বীমা কৰক আৰু লাভ কৰক ৪০,৭৫৪ টকাৰ পৰা ৬৭,৯২০ টকালৈ…

ডিজিটেল সংবাদ ধুবুৰীঃ আজাদী কা অমৃত মহোতসৱৰ লগত সংগতি ৰাখি ধুবুৰী জিলা কৃষি বিভাগে পালন কৰিছে শস্য বীমা সপ্তাহ। অহা ৭ জুলাই পৰ্যন্ত জিলা কৃষি বিভাগৰ উদ্যোগত পালন কৰা হ'ব শস্য বীমা সপ্তাহ।প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্থ শস্যৰ লোকচানৰ পৰা কৃষকক সকাহ দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ফচলবীমা যোজনাত ক্ষতিগ্ৰস্থ কৃষকক বীমা কৰাৰ আহ্বান জনাইছে ধুবুৰী জিলা কৃষি বিভাগে।

Advertisment

অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত আঁচনিখন ৰূপায়ণ কৰা হৈছে ।শালি ধানৰ বীমা কৰাৰ বাবে ৩১ জুলাইক অন্তিম তাৰিখ হিচাপে ধাৰ্য কৰাৰ লগতে মাটি মাহৰ বীমা কৰাৰ বাবে ১০ ছেপ্তেম্বৰক অন্তিম তাৰিখ হিচাপে ধাৰ্য কৰিছে ।

বীমা কৰিবৰ বাবে প্ৰতি হেক্টৰ ভূমিত ইচ্ছুক কৃষকে ১০০ টকাৰ প্ৰিমিয়াম ভৰিব লাগিব। প্ৰিমিয়ামৰ বাকী অংশ বহন কৰিব চৰকাৰে। শালি ধানৰ শস্যৰ ক্ষয় ক্ষতিৰ বাবে কৃষক সকলে এই যোজনাৰ অধীনত প্ৰতি হেক্টৰ ভূমিত সৰ্বমুঠ ৬৭,৯২০ টকালৈকে ক্ষতিপূৰণ লাভ কৰিব।

ইয়াৰ বিপৰীতে মাটিমাহৰ ক্ষেত্ৰত সৰ্বমুঠ ৪০,৭৫৪ টকালৈকে প্ৰতি হেক্টৰ ভূমিত ক্ষতিপূৰণ লাভ কৰিব। ৩১ জুলাইৰ পূৰ্বে কৃষি বীমা কৰাৰ বাবে ইচ্ছুক কৃষক সকলক জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে আহ্বান জনাইছে।ধুবুৰী জিলাত শস্য বীমাকাৰী প্ৰতিষ্ঠানটো Agriculture Insurance Company of India Limited বুলি সদৰি কৰিছে। সবিশেষকৰ বাবে ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰে যোগাযোগ কৰাৰ আহ্বান জনাইছে।