জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এক্সিচ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এক্সিচ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত এক্সিচ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত দেওবাৰে মুকলি কৰা হয় এক্সিচ বেংকৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ ৷ হাটিঙা ৰামপুৰ নিবাসী জয়ন্ত হাজৰিকাৰ উদ্যোগত মুকলি কৰা (AXIS BANK)এক্সিচ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটো ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিনেশ চন্দ্ৰ ডেকাই।

Advertisment

জামুগুৰিহাটৰ উত্তৰৰ অতি ভিতৰুৱা অঞ্চলৰ হাটিঙা ৰামপুৰৰ পৰাই এতিয়াৰে পৰা বৃহত্তৰ অঞ্চলটোৰ জয়পুৰ, ৰত্নপুৰ টেঙাবস্তী, হোলাকান, ৰাণ্ডুপাম আদিকে ধৰি বিভিন্ন গাঁৱৰ ৰাইজে এই গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰাই অনলাইন যোগে সকলো ধৰণৰ সুবিধা লাভ কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোক্তা গৰাকীয়ে ৷

এক্সিচ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানটিত যুৱ সমাজকৰ্মী তথা নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ভাস্কৰ শইকীয়া, অঞ্চলটোৰ জেষ্ঠ সমাজকৰ্মী মৃদুল নাথৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Also Read: মণিপুৰৰ জ্বলি শেষ হোৱা জুইৰ উত্তাপে দহিছে মোডীক !

axis bank