ইটাখোলাৰ দিকৰাই আৰু হাটিঙা চাহ বাগিচাত সজাগতামূলক বাটৰ নাট

ইটাখোলাৰ দিকৰাই আৰু হাটিঙা চাহ বাগিচাত সজাগতামূলক বাটৰ নাট

author-image
Asomiya Pratidin
New Update
ইটাখোলাৰ দিকৰাই আৰু হাটিঙা চাহ বাগিচাত সজাগতামূলক বাটৰ নাট

ডিজিটেল সংবাদ,জামুগুৰিহাট : সোমবাৰে ইটাখোলাৰ দিকৰাই আৰু হাটিঙা চাহ বাগিচাত সজাগতামূলক বাটৰ নাট অনুষ্ঠিত কৰা হয়।অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন “এইট ব্ৰাদাৰ্ছ চ'চিয়েল ৱেল ফেয়াৰ চচাইটি"ৰ তৰফৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

উল্লেখযোগ্য যে দহদিনীয়া সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে ইটাখোলাৰ দিকৰাই আৰু গেলাহাটিঙা চাহ বাগিচাত বাল্যবিবাহ,শিশু শ্ৰমিক ,নাৰী সৰবৰাহ আৰু অপহৰণৰ দৰে অসামাজিক কাৰ্য কলাপ ৰোধ কৰাৰ উদ্দেশ্য সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ চাহ বাগিছাৰ শ্ৰমিকসকলক সজাগ কৰাৰ বাবে চাহ বাগিচাসমূহত “এইট ব্ৰাদাৰ্ছ চ'চিয়েল ৱেল ফেয়াৰ চচাইটি"য়ে এই কাৰ্যসূচী হাতত লৈছে উদ্যোক্তাসকলে বুলি জনায়।

এই উপলক্ষে বাটৰ নাট প্ৰদৰ্শন কৰি ইয়াৰ যোগেদি এক বাস্তৱ ছবিৰে শ্ৰমিকসকলক সজাগ কৰাৰ উদ্দেশ্য আগত ৰাখি এক সুন্দৰ অভিনয়ৰে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। এইট ব্ৰাদাৰ্ছ জনকল্যাণ সমিতিৰ ফালৰ পৰা বাস্তৱ জীৱনৰ ঘটি থকা ঘটনা পৰিঘটনাক নাটৰ যোগেদি সজাগ কৰিব বিচৰা প্ৰচেষ্টা সচাঁই অতুলনীয় ।

এই বাটৰ নাটৰ কিয়দাংশ শিশুক কি দৰে একাংশ অসামাজিক লোকে নানান ধৰণৰ প্ৰলোভন দি অপহৰণ কৰি নি শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰে বা অন্যান্য অসামাজিক কাৰ্য কলাপত লিপ্ত কৰাই তাকেই প্ৰতিপন্ন কৰিব বিচৰা হৈছে বুলি জনায় ।

Also Read: বিশ্ব বাইচাইকেল দিৱস : তিতাবৰত সজাগতা অভিযান

street play jamugurihat