/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6d43a369-586b-43d9-bbc2-61e84e70dc6e/356.jpg)
ডিজিটেল সংবাদ,বেকাজান : তিতাবৰৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠানৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ) গোটে বিশ্ব বাইচাইকেল দিৱস উপলক্ষে সোমবাৰে এক সজাগতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। সেয়ে আজি স্বাস্থ্য,সক্ষম আৰু বহনক্ষমতাৰ সজাগতাৰ শ্লগানেৰে তিতাবৰৰ চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়ত চাইকেল ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত হয় ।
প্রতিষ্ঠানৰ বি-এড আৰু ডি-এল এডৰ একাংশ প্রশিক্ষার্থী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ সহযোগত চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত বাইচাইকেল সম্পর্কীয় এই সজাগতা অনুষ্ঠিত হয়। উক্ত কার্যসূচীত যোৰহাট ডায়েটৰ প্ৰবক্তা সুমিত কুমাৰ থাপাই জনসাধাৰণৰ সজাগতাৰ বাবে বাইচাইকেল চলোৱাৰ প্রয়োজনীয়তা,নিয়মিত বাইচাইকেল চলোৱাৰ অভ্যাসে কেনেদৰে স্বাস্থ্য ৰক্ষাত সুফল দিয়ে তাক আলোকপাত কৰে ।
তেওঁ উপস্থিত লোকসকলক বাইচাইকেল চলোৱাৰ সুফলৰ বিষয়ে অৱগত কৰি প্ৰদূষণৰোধ,ইন্ধনৰ সঞ্চয় আদিৰ যোগেদি সমতা স্থাপন আৰু বহনক্ষম উন্নয়নত বাইচাইকেলে যোগোৱা অৱদান সম্পৰ্কে সজাগ হ'বৰ বাবে অনুৰোধ জনায় । সজাগতা সভাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা বিকাশ পেগু , চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন দাস আৰু সহঃ শিক্ষকসকল উপস্থিতিত থাকে।
উল্লেখ্য যে বাইচাইকেল ৰেলীৰ উদ্বোধন কৰে তিতাবৰ ঢেকিয়াজুলীৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক সীমান্ত প্ৰতীম বৰগোহাঁইয়ে । ইয়াৰ পিছত চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তিতাবৰ বেচিক অঞ্চলত এক চাইকেল ৰেলী উলিয়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f70572ea-2c09-4c40-be5b-d13515bca491/797e82de-6532-4927-ae8b-084c7317def9.jpg)
এই বাইচাইকেলৰ সজাগতা অভিযানত প্রশিক্ষার্থী, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাসকল আদিয়ে অংশ লয়। তেঁওলোক হৈছে প্রাণজিৎ বৰা , নয়নজ্যোতি সোনোৱাল , শৰৎ গগৈ , দেৱাংগ পৰশ গগৈ , অবিনাশ শইকীয়া , অনিমেষ কাকতি , কৰবী হাজৰিকা , সাগৰিকা গোস্বামী , সাগৰিকা গগৈ , শুভা কৰ্মকাৰ , অংকিতা বৰা , ঋতুস্না সোনোৱাল আৰু চুইটি গগৈ ।