গোজেই গজালি ! চৰকাৰী ভূমি বেদখল কৰি বহিঃৰাজ্যৰ বণিয়াৰ হোটেল নিৰ্মাণৰ চেষ্টা

বৰগাঙত ভূ-মাফিয়াৰ সন্ত্ৰাস ! বিহালীৰ দৰে এলেকাত বহিৰাগত বণিয়াৰ দপদপনি ,চৰকাৰী ভূমি দখলৰ বিষয়টোক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিহালী সমিতিয়ে সহজভাৱে ল'ব পৰা নাই
গোজেই গজালি ! চৰকাৰী ভূমি বেদখল কৰি বহিঃৰাজ্যৰ বণিয়াৰ হোটেল নিৰ্মাণৰ চেষ্টা

ডিজিটেল সংবাদ,বিহালী : সম্প্ৰতি বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীৰ বৰগাঙ তথা মৰাণ গাঁৱত চলিছে বহিৰাগত ভূ-মাফিয়াৰ দপদপনি ৷ অসম চৰকাৰৰ দ্বাৰা সদ্য ঘোষিত বৰগাঙ নগৰ এলেকাৰ মাজমজিয়াত আজিৰ পৰা চাৰি বছৰমান পূৰ্বে অসমলৈ হোটেলৰ কাৰিকৰ কৰিবলৈ অহা বিহাৰী যুৱক বিহালীৰ বৰগাঙত বসবাস কৰা আন এটা বহিৰাগত ভূ-মাফিয়াৰ সহযোগত চিলিং চৰকাৰী মাটি দখল কৰি হোটেল গৃহ নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে ৷

বিপৰীতে বিশ্বনাথ জিলা প্ৰশাসনে বহিঃৰাজ্যৰ ভূ-মাফিয়াজনৰ ভূমি দখল উচ্ছেদ কৰিবলৈ সাহস প্ৰদৰ্শণ কৰিবলৈ সক্ষম হোৱা নাই ৷ যিটো নেকি সমগ্ৰ অসম আৰু অসমীয়াৰ বাবে চৰম লজ্জাজনক বিষয় হিচাপে বিবেচিত হোৱা বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে ৷

তথ্যমতে ,আজিৰ পৰা কেইবছৰ মানৰ পূৰ্বে বিহালীৰ বৰগাঙস্থিত হোটেলত কাৰিকৰ হিচাপে কাম কৰিবলৈ অহা জনকৈ সিঙ উপাধিৰ এজনলোকে সদ্য ঘোষিত বৰগাঙ নগৰৰ মাজমজিয়াৰ চিলিং চৰকাৰী ভূমিত প্ৰথমে এখন ঠেলাৰে ফাষ্ট ফুডৰ দোকান খুলি ব্যৱসায় চলাইছিল ৷ তাৰপিছত সৰুকৈ পঁজা এটা সাজি ফাষ্ট ফুডৰ দোকান চলাই থাকি এইবাৰ চিলিং চৰকাৰী ভূমি দখল কৰি পকাখুঁটা পুঁতি স্থায়ী হোটেল নিৰ্মাণ কৰিছে। যাৰ বাবে বিহালীৰ সমাজ সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে , যিসময়ত ৰাজ্য চৰকাৰে থলুৱা তথা খিলঞ্জীয়া ভূমিহীনলোকক চৰকাৰী ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰিছে ৷ খিলঞ্জীয়া লোকৰ বাবে ''ভূমি সংৰক্ষণ''ৰ বাবে ''লেণ্ড বেঙ্ক'' আঁচনি গ্ৰহণৰ চিন্তা চৰ্চা চলিছে সেইসময়ত বিশ্বনাথ জিলাৰ বৰগাঙ তথা মৰাণ গাঁও এলেকাত বহিঃৰাজ্যৰলোকে আইন-কানুন তথা প্ৰশাসনক ভেঙুচালি কৰি চিলিং চৰকাৰী মাটি দখল কৰাৰ কাৰ্যই সচেতন মহলক স্তম্ভিত কৰিছে ৷

প্ৰাপ্ত তথ্যমতে, ৮০ দশকৰ মাজভাগত বিহাৰৰ পৰা মোবাৰক হুছেইন নামৰ এজনে অসমৰ জিনজিয়া চাহ বাগিছাত বনুৱা হিচাপে কাম কৰিবলৈ আহিছিল ৷ তাৰ পিচত বিহালীৰ ইটাভাটাৰ মালিক জনৈক আনচাৰীৰ ইটাভাটাৰ মহৰী হিচাপে কাম কৰি থাকি পৰৱৰ্তী সময়ত কেইবাটাও ইটাভাটাৰ মালিকহৈ পৰে ৷

পৰৱৰ্তী সময়ত বিহালীৰ বৰগাঙ এলেকাক এটাৰ পিচত আন এটাকে ইটাভাটা অজস্ৰ ধন-সম্পতিৰ গৰাকী হোৱাত মোবাৰক হুছেইন নামৰ লোকজন ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ হৈ পৰিল ৷ যাৰ সুবাদত বিহালীৰ চিলিং চৰকাৰী ভূমি দখল কৰিৱলৈ সাহস কৰিব পৰা হ'ল ৷ আনকি এই গৰাকী পুঁজিপতিলোকে বৰগাঙ এলেকাৰ নায়াৰ পেট্ৰ'ল ডিপুৰ উত্তৰ দিশে থলুৱা আদিবাসীলোকৰ নামে আৱন্টিত ভূমি ক্ৰয় কৰি লক্ষীমপুৰ জিলালৈ বিয়া দিয়া জী-জোঁৱাইক আনি বিশাস আট্টালিকা সাজি সংস্থাপিত কৰিছে ৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল ৮০ দশকৰ মাজভাগত অসমলৈ বনুৱা হিচাপে অহা মোবাৰক নামৰ লোকজন বিগত দুটা দশকত অজস্ৰ ধন সম্পতিৰ গৰাকী হোৱাৰ উপৰি ৰাজনৈতিক নেতাৰ বুকুৰ কুটুমত পৰিণত হ'ল ৷ ফলত অসম আৰু অসমীয়াৰ আজন্ম অধিকাৰ থকা ভূমি বেদখল কৰিৱলৈ সাহস কৰাই নহয় বৰং পুনৰ বিহাৰৰ পৰা মানুহ আনি চৰকাৰী ভূমি বেদখল কৰোৱালৈ সাহস কৰিছে ৷ পিছে ইমানৰ পিছতো বিশ্বনাথ জিলা প্ৰশাসন কিম্বা ৰাজহ বিভাগে ভূ-মাফিয়াটোৰ বিৰূদ্ধে কোনো পদক্ষেপ ল'ৱলৈ সাহস গোটাব পৰা নাই ৷

উল্লেখযোগ্য যে যিসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অসমৰ থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ্থে জাতি, মাটি, ভেঁটি ৰক্ষা কথা আওৰাই আহিছে, সেই সময়ত বিহালীৰ বৰগাঙ এলেকাত সৌসিদিনা অসমলৈ অহা মোবাৰক হুছেইন নামৰ অনাঅসমীয়া বনিয়াই পুনৰ বহিঃৰাজ্য সিঙ উপাধিৰ এজনৰ দ্বাৰা চৰকাৰী মাটি দখল কৰিবলৈ সাহস কৰাটো খোদ্ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই চৰম লজ্জাজনক বিষয় হিচাপে বিবেচিত হৈছে ৷

প্ৰশ্ন উত্থাপন হৈছে যে , যিসময়ত ৰাজ্য চৰকাৰে শিলসাকোঁত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰই চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগত বুলডজাৰ লগাই উচ্ছেদ চলাইছে, সেইসময়ত সৌসিদিনা অসমলৈ বনুৱা হিচাপে কাম কৰিৱলৈ অহা ভূ-মাফিয়া মোবাৰক হুছেইন এণ্ড কোম্পানীটোৱে বেদখল কৰা চিলিং চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিবলৈ সাহস প্ৰদৰ্শন কৰিব পাৰিবনে ? আনহাতে প্ৰশ্ন হয়- অনবৰতে খিলঞ্জীয়াৰ প্ৰভূত্ব বিস্তাৰৰ কথা কোৱা মুখ্যমন্ত্ৰী শৰ্মাই বিহালীৰ বহিৰাগত বণিয়া ভূ-মাফিয়া মোবাৰক হুছেইনৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ ল'বলৈ সাহস কৰিবনে ?

ইপিনে,অসমৰ অন্যতম জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিয়ে সংগঠনটোৰ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনাৰে বৰগাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এডোখৰ চৰকাৰী ভূমি সংৰক্ষিত কৰাৰ বাবে এখন ফলক লগাইছিল ৷ সংগঠনটোৱে ফলক লগাই যোৱাৰ পিছ মুহূৰ্ততে ভূ-মাফিয়া মোবাৰক হুছেইন এণ্ড কোম্পানীটোৰ একাংশ ভেৰণীয়া বাহিনীয়ে ছাত্ৰ সংগঠনটোৰ ফলকখন উঠাই দলিয়াই পেলোৱাৰ অভিযোগ উঠিছে ৷

সংগঠনটোৰ নেতৃত্বই অভিযোগ যে,অসমৰ অন্যতম জনগোষ্ঠী অনুসূচিতলোকক প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠন এটাৰ স্থায়ী কাৰ্যালয়ৰ বাবে ফলক লগাই থকা ভূমিৰ পৰা ৮০ দশকত অসমলৈ অহা বণিয়া মোবাৰক হুছেইন নামৰ ভূ-মাফিয়াটোৰ জী-জোঁৱাইকে আদি কৰি একাংশ লোকে ফলকখন উঠাই দলিয়াই দিয়ে ৷ যিটো নেকি বিহালীৰ সমাজ জীৱনৰ বাবে অতি ভয়াৱহ ইংগিত বুলি মতপ্ৰকাশ কৰিছে ৷

সংগঠনটোৰ নেতৃত্বই কই যে, বিশ্বনাথ জিলা প্ৰশাসনৰ চূড়ান্ত সোপাঢিলা নীতিৰ বাবেই বিহালীলৈ বনুৱা হিচাপে অহা বহিঃৰাজ্যৰলোকে এতিয়া বিহালীৰ চৰকাৰী ভূমি বেদখল কৰিবলৈ সাহস কৰিব পৰা হ'ল ৷ তদুপৰি বিশ্বনাথ প্ৰশাসন ৰাজহ বিভাগৰ বৰমূৰীয়াৰ চূড়ান্ত অকৰ্মণ্যতা আৰু সোপাঢিলা নীতিৰ বাবে অসম আৰু অসমীয়াৰ জাতীয় সংগঠনৰ ফলক উঠাই দলিয়াই দিৱলৈ সাহস যে কৰিছে ই ধূৰূপ ৷

আনহাতে বিহালীৰ দৰে এলেকাত বহিৰাগত বণিয়াৰ দপদপনি ,চৰকাৰী ভূমি দখলৰ বিষয়টোক অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিহালী সমিতিয়ে সহজভাৱে ল'ব পৰা নাই ৷ যাৰ বাবে সংগঠনটোৱে অতিশীঘ্ৰে বিশ্বনাথ জিলা প্ৰশাসনক চৰকাৰী মাটি বেদখলকাৰী ভূ-মাফিয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ আৰু বেদখল উচ্ছেদৰ দাবী তুলিছে ৷

গোজেই গজালি ! চৰকাৰী ভূমি বেদখল কৰি বহিঃৰাজ্যৰ বণিয়াৰ হোটেল নিৰ্মাণৰ চেষ্টা
বিশ্বনাথত পথ নিৰ্মাণৰ কামত দুৰ্নীতি- অনিয়মৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in