![বিশ্বনাথত পথ নিৰ্মাণৰ কামত দুৰ্নীতি- অনিয়মৰ অভিযোগ](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8748841e-5a42-4902-848b-5695010cd7e2/589.jpg)
ডিজিটেল সংবাদ,বিহালীঃ বিশ্বনাথত প্ৰধানমন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনৰ ১ কোটি ৭৭ লাখ ৪২ হাজাৰ ৯শ ৯৯ টকা ব্যয় সাপেক্ষে লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বিশ্বনাথৰ নৱপুৰৰ পৰা জাপৰিগুৰিলৈ প্ৰায় ৮.০৬ কিলোমিটাৰৰ এটা পকীপথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দূৰ্নীতি-অনিয়ম ৷ তথ্যমতে শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰিমল শইকীয়া নামৰ ঠিকাদাৰ এজনে বিশ্বনাথৰ নৱপুৰৰ পৰা জাপৰিগুৰিলৈকে পকীপথ নিৰ্মাণৰ ঠিকালাভ কৰিছিল।
বিগত ২০২২ চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা পথটোৰ নিৰ্মাণৰ কাম ২০২৩ চনৰ জুন মাহত সমাপ্ত হ'ব লাগিছিল যদিও ঠিকাদাৰৰ চূড়ান্ত হেমাহি, গাফিলতি আৰু বিভাগীয় অভিযন্তাৰ কাণ্ডজ্ঞানহীনতাৰ বাবে অতি লেহেমীয়াভাৱে নিৰ্মাণ কাৰ্য চলাৰ অভিযোগ তুলিছে। বিশ্বনাথৰ সচেতনলোকৰ মাজত পথচোৱা নিৰ্মাণৰ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে ঠিকাদাৰজনে খৰধৰকৈ পথছোৱা নিৰ্মাণ কৰি দ্বায়িত্ব সামৰে ৷
![](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/720f9750-9951-453c-b126-e421d43acd19/ddfb0d43_f16a_42e2_a70a_c65138960e4f.jpg)
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ঠিকাদাৰ পৰিমল শইকীয়াই সমগ্ৰ পথছোৱা নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে। যাৰ ফলত সদ্য নিৰ্মীয়মান পকী পথছোৱাত ব্যৱহাৰ কৰা শিলগুটি সামান্য ঘৰ্ষণতেই ওফৰি ওলাই যোৱাৰ তথ্য পোহৰলৈ আহিছে।
স্থানীয় ৰাইজৰ অভিযোগমতে, বিশ্বনাথ নৱপুৰ -জাপৰিগুৰি সংযোগী পথ নিৰ্মাণ কাৰ্যত অনিয়ম-দুৰ্নীতি সংঘটিতৰ অভিযোগ সন্দৰ্ভত বিশ্বনাথৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াক একাধিকবাৰ লিখিত অভিযোগ দিয়াৰ পিছতো পথছোৱাৰ কাম-কাজ চৰজমিন কৰিৱলৈ কোনো বিভাগীয় বিষয়াৰ সময় নহ'ল ৷ অৱশ্যে বিশ্বনাথৰ লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়টোৰ পৰা পথ নিৰ্মাণ চলা পথলৈ মাত্ৰ ৫০০ মিটাৰ দূৰত্ব ৷
অভিযোগমতে, শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰিমল শইকীয়া নামৰ ঠিকাদাৰজনে নৱপুৰ-জাপৰিগুৰি পথ নিৰ্মাণৰ ওপৰিও জাপৰিগুৰিহৈ বি জি ৰোড নামৰ আন এটা পথো পকীকৰণৰ নামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ৷ ইমানেই নহয় বিশ্বনাথ চাৰিআলিৰ বিভিন্ন এলেকাৰ বহুকেইটা পথ নিৰ্মাণৰ কাম হাতত লৈ দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভি়যোগ লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ পৰিমল শইকীয়াৰ বিৰূদ্ধে উত্থাপন হৈছে ৷ কিন্তু; ইমানৰ পিছতো ঠিকাদাৰ জনৰ বিৰূদ্ধে লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাটো ৰহস্যৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷
Also Read: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে ধ্যানী দৃষ্টি কাশ্যপে