জামুগুৰিহাটৰ প্ৰতিভাৱান যুৱক মতলেব আলিক 'অসম প্ৰতিভা বঁটা' প্ৰদান

জামুগুৰিহাটৰ প্ৰতিভাৱান যুৱক মতলেব আলিক 'অসম প্ৰতিভা বঁটা' প্ৰদান

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ প্ৰতিভাৱান যুৱক মতলেব আলিক 'অসম প্ৰতিভা বঁটা' প্ৰদান

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ মৰিসুতি নিৱাসী মতলেৱ আলিয়ে 'অসম প্ৰতিভা বঁটা' লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২১ জুলাইত গুৱাহাটী, চান্দমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত লাইফ স্মাৰ্ট আৰ্থ সামাজিক আৰু সাংস্কৃতিক সংস্থা ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত অসম প্ৰতিভা বঁটা ( ২০২৪ ) প্ৰদান কৰে প্ৰতিভাৱান যুৱক মতলেব আলিক।

Advertisment

এই বঁটা লাভ কৰি বৃহত্তৰ জামুগুৰিহাটবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা মতলেব আলিৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ও দল সংগঠনে। উল্লেখ্য যে মনৰ একাগ্ৰতা আৰু সাধনাৰ বলত দুঃসাহসিক কলা প্ৰদৰ্শন কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰি আহিছে মতলেব আলিয়ে।

বিগত সময়ত তেঁও এখন মটৰ চাইকেলতে ২৫গৰাকীৰো অধিক যুৱকক বহুৱাই মটৰচাইকেল চলাই একেৰাহে প্ৰায় ১৪ কি:মি: পথ অতিক্ৰম কৰি ৰাইজৰ সমাদৰ লাভ কৰবলৈ সক্ষম হৈছিল ৷

Also Read: অসম নাট্য সন্মিলনৰ দ-পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখা গঠন

jamugurihat