অসম নাট্য সন্মিলনৰ দ-পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখা গঠন

অসম নাট্য সন্মিলনৰ দ-পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখা গঠন

author-image
Asomiya Pratidin
New Update
অসম নাট্য সন্মিলনৰ দ-পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখা গঠন

ডিজিটেল ডেস্ক : আধুনিক অসমীয়া নাট্য জগতৰ এগৰাকী অন্যতম নাট্যকাৰ প্ৰফুল্ল বৰাৰ সোঁৱৰণত তেজপুৰ চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত নাট্যকাৰগৰাকীৰ ওপজা গাঁও দ পৰ্বতীয়াত বৃহস্পতিবাৰে অসম নাট্য সন্মিলনৰ দ - পৰ্বতীয়া , প্ৰফুল্ল বৰা শাখা গঠন কৰা হয়। উল্লেখ্য যে , এই দ - পৰ্বতীয়াৰ চিত্ৰলেখা ৰংগমঞ্চত ১৯৫৬ চনত নাট্যকাৰ প্ৰফুল্ল বৰাই তেখেতৰ " আকাশৰ ৰং " নাটকৰ মঞ্চায়ণেৰে অঞ্চলটোত প্ৰথম সহ অভিনয় কৰাই সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ হেঙাৰ আঁতৰ কৰি নাটকৰ জৰিয়তে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

Advertisment

ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত প্ৰথম মঞ্চস্থ হোৱা নাট্যকাৰ প্ৰফুল্ল বৰাৰ " সাঁকো" নাটকে অসমীয়া নাট্য জগতত এক নব্য নাট্য আন্দোলনৰ সূচনা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত নাট্যকাৰ প্ৰফুল্ল বৰাৰ ' উপপথ ' , ' বৰুৱাৰ সংসাৰ ' , "বান" , 'তেজীমলা ' , দেবযানী , অলংকাৰ আদি নাটকেৰে নাট্যকাৰ গৰাকীয়ে এক সুকীয়া নাট্য ধাৰাৰ সৃষ্টি কৰে।

অসম নাট্য সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ , সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ কাৰ্যকৰী সভাপতি নিত্যানন্দ নাথ আৰু সাংগঠনিক সম্পাদক ভূপেন বৰুৱাৰ উপস্থিতি আৰু তত্ত্বাৱধানত গঠন হোৱা অসম নাট্য সন্মিলনৰ দ পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখা প্ৰতিষ্ঠাপক সভাপতিৰূপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে খনীন্দ্ৰ নাথ গোস্বামীয়ে। শাখাটোৰ এগৰাকী উপদেষ্টাৰূপে আজিৰ সভাত উপস্থিত থাকে নাট্যকাৰ প্ৰফুল্ল বৰাৰ সহধৰ্মিণী প্ৰণতি বৰা।

অসম নাট্য সন্মিলনৰ দ - পৰ্বতীয়া, প্ৰফুল্ল বৰা শাখাৰ কাৰ্যকৰী সভাপতিৰূপে প্ৰতিষ্ঠিত মঞ্চ অভিনেতা হৰেকৃষ্ণ মহন্ত , উপ- সভাপতি ৰূপে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী মোহিনী হাজৰিকা , সম্পাদকৰূপে উদীয়মান লেখক , নাট্যকাৰ তথা নাট্যকাৰ প্ৰফুল্ল বৰাৰ কনিষ্ঠ পুত্ৰ প্ৰিয়াংকু বৰাই দায়িত্ব গ্ৰহণ কৰে। তদুপৰি শাখাৰ আন আন সদস্যসকল হ'ল - সহকাৰী সম্পাদক - বিনয় বৰা, কিশোৰ মহন্ত, সাংগঠনিক সম্পাদক দিপাংকৰ দত্ত , কোষাধ্যক্ষ নৱজ্যোতি তামূলী, প্ৰচাৰ সম্পাদক নয়ন জ্যোতি বৰা আদি।

কাৰ্যকৰী সদস্য -দীপক গোস্বামী, পুলক গোস্বামী, দিৱসমণি বৰা , সমীৰণ বৰা, কুন্টল গোস্বামী, জোনালী শইকীয়া , গীতা কাকতি, গোলোক মহন্ত , জয়দ্বীপ বৰা, চম্পামণি দিহিঙীয়া মহন্ত , বলীন বৰা, ৰেণুকা বৰা আদি। সদস্যসকল ক্ৰমে : হেমন্ত তামূলী , পংকজা বৰা, সমীংকু শৰ্মা , শেৱালী বৰা, কুলদ্বীপ হাজৰিকা , ঋতম হাজৰিকা, তুলিকা হাজৰিকা , টীপচি তালুকদাৰ বৰা , কাব্যশ্ৰী মহন্ত , গীতাঞ্জলি বৰা ,তিলক বৰা, সুনীল বৰা, কৌশিক মহন্ত , পল্লৱী মহন্ত , মিনু হাজৰিকা , শিখা বৰা, সাদৰ বৰা, ৰুণুমণি বৰা, মঞ্জু বৰা , পলি পটংগীয়া , ৰাজকুমাৰ মহন্ত , কাজল গোস্বামী , কাকু গোস্বামী , গীতুমণি বৰা, নৱ কাকতি , চিত্ৰ কাকতি , হৰ্ষিতা কাকতি , জীতু , পুলক বৰা, মাধৱ বৰা , ৰূপম বৰা আদি।

অসম নাট্য সন্মিলনৰ দ - পৰ্বতীয়া , প্ৰফুল্ল বৰা শাখাই বৃহত্তৰ দ - পৰ্বতীয়া অঞ্চলত আধুনিক নাট্য আন্দোলন অধিক গতিশীল কৰিব পাৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে।

Also Read: পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকালৈ বিশেষ সন্মান

DRAMA