বালিপৰাত "অসমতো কেজৰিৱাল" কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনক লৈ ততপৰ হৈ পৰিছে বিজেপি ,কংগ্ৰেছককে ধৰি সকলো ৰাজনৈতিক দল।

author-image
Asomiya Pratidin
New Update
বালিপৰাত "অসমতো কেজৰিৱাল" কাৰ্যসূচী

ডিজিটেল সংবাদ, ৰঙাপাৰাঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ততপৰ হৈ পৰিছে বিজেপি ,কংগ্ৰেছককে ধৰি সকলো ৰাজনৈতিক দল। পাছ পৰি ৰোৱা নাই আম আদমি পাৰ্টীও। বালিপৰাত আপৰ শক্তি প্রদর্শন।

Advertisment

ৰঙাপৰা সমষ্টিৰ বালিপৰাৰ মোলানপুখুৰীত আম আদমী পাৰ্টিৰ "অসমতো কেজৰীৱাল" শীৰ্ষক অনুষ্ঠানৰ অংশ হিচাপে বুধবাৰে ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলালে আম আদমি পাৰ্টীৰ তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই। দিল্লী আৰু পাঞ্জাৱত আম আদমিৰ পাৰ্টীৰ চৰকাৰে কৰা কামৰ খতিয়ান আৰু অসমত বিজেপিয়ে তৰা কামৰ নমুনাৰ হিচাপ লৈ ৰাইজৰ ওচৰ চাপি প্রাৰ্থীগৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰে। লগতে এইবাৰ অসমত সচাঁ অৰ্থত পৰিবৰ্তন হ'ব বুলি দোহাৰি বিজেপিৰ চলাহী কথাত এইবাৰ ৰাইজ ভোল নাযায় বুলি দোহাৰি ৰাইজে নতুনত্ব বিচাৰিছে বুলি মন্তব্য কৰে।

Also Read: লখিমপুৰত বিকাশ যাত্ৰাত মুখ্যমন্ত্ৰী

kejriwal balipara aap assam