/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3d920388-028c-4031-bd3e-b677d688283e/3.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াসৰ বিকাশ যাত্ৰাৰ কাৰ্যসূচী লৈ বুধবাৰে নাৰায়ণপুৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীয়ে ১১২.০৭ কোটি টকা ব্যয়েৰে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয় চৌহদত জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাৰায়ণপুৰৰ বৰখামতি খেলপথাৰত আয়োজন কৰে বিশাল জনসভা।
উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয় শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, ৰাজ্য সভাৰ সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটা, দেউৰী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰব দেউৰী, স্থানীয় বিধায়ক ড.অমিয় কুমাৰ ভূঞাই।