ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...

ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...
ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...

ডিজিটেল ডেস্কঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভেৰে প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হোৱা ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া আৰু সপ্তম স্থান লাভ কৰা জোনাক কাশ্যপৰ উচ্চ শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালে।  ইয়াৰোপৰি তেওঁলোক দুয়োৱে অধ্যয়ন কৰা দুয়োখন বিদ্যালয়লৈ আগঢ়ালে এককালীন সাহায্য।

আজি পুৱা মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছতে হৃদম আৰু জোনাকৰ স্থানপ্ৰাপ্তিৰ খবৰ বিয়পি পৰাত সমগ্ৰ শোণিতপুৰ জিলাখনতে আনন্দৰ লহৰ উঠিছে। জিলাখনৰ বিভিন্ন দল, সংগঠনে দুয়ো মেধাৱী শিক্ষাৰ্থীক শুভেচ্ছা তথা অভিনন্দন জনাবলৈ তেওঁলোকৰ বাসগৃহত ভিৰ কৰিছেহি।

তাৰ মাজতে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালে এক বাৰ্তাৰ জৰিয়তে প্ৰথমস্থান প্ৰাপ্ত হৃদম আৰু সপ্তম স্থান প্ৰাপ্ত জোনাকক অভিনন্দন জ্ঞাপন কৰি পৰৱৰ্তী শিক্ষা জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰা এক শুভেচ্ছা বাৰ্তাত কয় যে, ৯৯.৩৩% নম্বৰেৰে সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ তথা ভালুকধাৰা নিৱাসী সৰ্বানন্দ ঠাকুৰীয়াৰ পুত্ৰ হৃদম ঠাকুৰীয়াই সমগ্ৰ ঢেকীয়াজুলিবাসীকে গৌৰৱান্বিত কৰি তুলিছে। একেদৰে চিৰাজুলিৰ শংকৰ কলিতাৰ পুত্ৰ জোনাক কাশ্যপেও অঞ্চলটোৰ লুইত জাতীয় বিদ্যালয়ৰ পৰা এইবাৰৰ পৰীক্ষাত সপ্তম স্থান অধিকাৰ কৰি সমষ্টিটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

মন্ত্ৰী সিংহালে এই দুয়োগৰাকী ছাত্ৰৰ এই সাফল্যৰ বাবে তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক তথা বিদ্যালয়ৰ শিক্ষক, শিক্ষয়ত্ৰীসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। ইয়াৰোপৰি এই দুই মেধাৱী ছাত্ৰৰ ভৱিষ্যত  শিক্ষা জীৱনৰ সকলো ব্যয় নিজেই বহন কৰাৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ দায়িত্ব নিজেই মূৰ পাতি লৈছে।

আনহাতে হৃদম ঠাকুৰীয়াই অধ্যায়ন কৰা ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনলৈ বিধায়ক পুঁজিৰ পৰা ২০ লাখ টকা আৰু জোনাক কাশ্যপে অধ্যয়ন কৰা লুইত জাতীয় বিদ্যালয়লৈ ১০ লাখ টকাৰ সাহায্যও ঘোষণা কৰে।

ঢেকীয়াজুলিৰ দুই স্থানপ্ৰাপ্ত মেধাৱীৰ উচ্চ শিক্ষাৰ দায়িত্ব ল'লে মন্ত্ৰী অশোক সিংহালে...
শিক্ষা বিভাগৰ ৩০০ ৰো অধিক টেবলেট ঘূৰাই দিলে কোকৰাঝাৰৰ প্ৰাথমিক শিক্ষকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in