/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b3c59901-04a8-4358-aa33-57f27d26edab/kokrajhar_22.jpg)
শিক্ষা বিভাগৰ ৩০০ ৰো অধিক টেবলেট ঘূৰাই দিলে কোকৰাঝাৰৰ প্ৰাথমিক শিক্ষকে...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা উকলি যোৱাৰ পিছত আজি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰে প্ৰদান কৰা টেবলেটসমূহ ঘূৰাই দিয়ে। ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে আজি কোকৰাঝাৰ শিক্ষাখণ্ডৰ অধীনত থকা ৩৬৬ খন প্ৰাথমিক বিদ্যালয়ে কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ হাতত ঘূৰাই দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/13f8bf0a-4689-49af-baa6-531b6580f2fa/aa2b3bb4_a33c_40b9_971e_721d3ce5bc92.jpg)
উল্লেখ্য যে, দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হোৱা নাই । শিক্ষা জীৱনৰ বুনিয়াদ গঢ়া ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ কাৰ্যত মুৰব্বীহীন হৈ থকাৰ বিষয়ে তথা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ চৰকাৰৰ সতে শিক্ষক সন্মিলনীৰ বহুবাৰ আলোচনা-বিলোচনা হ'ল যদিও কাৰ্যত একো ধনাত্মক ফলাফল বাহিৰ নহ'ল।
যোৱা ৩০ এপ্ৰিলত গুৱাহাটীৰ চানমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চম কাৰ্যনিৰ্বাহক সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন দায়িত্ব প্ৰাথমিক শিক্ষকে গ্ৰহণ নকৰে। ইতিমধ্যে প্ৰাথমিক শিক্ষকসকলে শিক্ষাসেতুৰ বিভিন্ন কামত অসহযোগ আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d37033ed-3769-4c0b-ad01-1db875faa2f7/74bda890_5f5c_4049_8075_1ac294f8b61d.jpg)
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ২১ মে'ৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ দাবী জনাইছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজি চৰকাৰে প্ৰদান কৰা টেবলেটসমূহ ঘূৰাই দিয়ে।কোকৰাঝাৰ শিক্ষাখণ্ডত শ শ টেবলেট ঘূৰাই দিয়া কাৰ্যসূচীৰ বাবে দুপৰীয়া এক বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰায় তিনি শতাধিক শিক্ষকে ভিৰ কৰে ।
আজিৰ কাৰ্যসূচীত কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি বিকাশ সুৱেদী, কোকৰাঝাৰ জিলা বড়ো প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি দৈমালু বসুমতাৰী, উপ-সভাপতি ৰথীন্দ্ৰ বসুমতাৰী, কোকৰাঝাৰ পশ্চিম খণ্ড বড়ো প্ৰাথমিক বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি উদাং নাৰ্জাৰী আৰু সম্পাদক দুলাল বসুমতাৰী, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহ-সম্পাদক বিনোদ চন্দ্ৰ ৰায়, কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ নাৰী কোষৰ সম্পাদিকা উপমা ৰাভাকে ধৰি বহুসংখ্যক শিক্ষক নেতা উপস্থিত আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/70898da2-a1a4-4e9c-b004-495479ae0fba/480a2ac3_b3c4_49f5_b431_2f3198362c50.jpg)
Also Read: প্ৰধানমন্ত্ৰী মোডীক কলংকিত ৰূপত উপস্থাপন ! BBC লৈ চমন জাৰি...