জামুগুৰিহাটত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান সমাৰোহ সম্পন্ন...

চিত্ৰাংকন,কুইজ,আকস্মিক বক্তৃতা প্ৰতিযোগীতা আৰু বিজ্ঞানৰ আহিলাৰ প্ৰদৰ্শনী অনুষ্ঠিত...
জামুগুৰিহাটত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান সমাৰোহ সম্পন্ন...

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ উত্তৰ জামুগুৰি হাইস্কুলত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নদুৱাৰ খণ্ডৰ উদ্যোগত অনুষ্ঠিত হয় বিজ্ঞান সমাৰোহ৷ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অধীনৰ আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নদুৱাৰ খণ্ডৰ সভাপতি অশোক কুমাৰ দাহালৰ সঞ্চালনাত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

উক্ত অনুষ্ঠানৰ আঁত ধৰা সমন্বয়ক মন্টু বৰায়ে ৷ অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক বিপুল বৰাই বন্তি প্ৰজ্বলন আৰু বিজ্ঞানী আৰ্য্যভট্টৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক সমাজকৰ্মী কমল ৰাজবংশীয়ে ৷ বিদ্যালয় চৌহদত বৃক্ষৰোপন কাৰ্যসূচী মুকলি কৰে অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষয়িত্ৰী অৱন্তী ভাগৱতীয়ে ৷

ইয়াৰ পিচতে অঞ্চলটোৰ ২৫ খনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিজ্ঞান সম্পৰ্কীয় চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু কুইজ আদিৰ প্ৰতিযোগীতা ৷ লগতে ছাত্ৰ-ছাত্ৰী সকলে নিৰ্মাণ কৰা বিজ্ঞানৰ বিভিন্ন আহিলাৰ প্ৰদৰ্শনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

জামুগুৰিহাটত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান সমাৰোহ সম্পন্ন...
কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছঃ মোডী, শ্বাহৰ প্ৰচাৰে সহায় নকৰিলে বিজেপক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in