/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/599cc682-f3a0-426a-bd28-f5fafc87ac24/588.jpg)
ধ্যানী দৃষ্টি কাশ্যপ
ডিজিটেল সংবাদ,শিৱসাগৰ : নৱবৰ্ষৰ আৰম্ভণিতেই শিৱসাগৰ জিলাৰ এগৰাকী ছাত্ৰীয়ে গৌৰৱ আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিছে। বিভিন্ন নেতিবাচক খবৰৰ বিপৰীতে এই যোগাত্মক বাতৰিয়ে সমগ্ৰ শিৱসাগৰ চহৰৰ জনসাধাৰণক আনন্দিত কৰিছে ৷
যিগৰাকী ছাত্ৰীয়ে এক বিশেষ কামৰ জৰিয়তে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰীগৰাকীৰ নাম ধ্যানী দৃষ্টি কাশ্যপ ৷ শিৱসাগৰ পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী মনোজ হাজৰিকা আৰু ময়ূৰী শৰ্মা হাজৰিকাৰ কন্যা ধ্যানীয়ে এখিলা পদুমৰ পাতত ৮৩৮ টা স্বস্তিক অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5f98dd80-fbab-48ba-8559-a8cfcbf614eb/26118053_4b82_4e46_8001_a49eb363022e.jpg)
শিৱসাগৰৰ নাজিৰাস্থিত দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণী ছাত্ৰী ধ্যানী দৃষ্টি কাশ্যপৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে শিৱসাগৰবাসী। উল্লেখ্য যে ইয়াৰ পূৰ্বে ধ্যানী দৃষ্টি কাশ্যপে এখিলা আহঁত পাতত ৮ টাকৈ ধৰ্মৰ নাম আৰু চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ পৰা বিশেষ উদগণি পত্ৰ লাভ কৰিছিল ৷
যাৰ বাবে ছাত্ৰীগৰাকী উৎসাহিত হৈ পৰিছিল ৷ নিজৰ ব্যতিক্ৰমী চিন্তাৰে ছাত্ৰীগৰাকীয়ে ছবি অংকনত ব্যস্ত হৈ পৰিছিল ৷ শেহতীয়াকৈ এখিলা পদুমৰ পাতত ৮৩৮ টা স্বস্তিক চিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিলে এইগৰাকী ছাত্ৰীয়ে ৷
অনাগত দিনত ধ্যানীয়ে আৰু অধিক সফলতাৰ দিশেৰে আগুৱাই যোৱাৰ বাবে শুভকামনা জনাইছে,দিখৌ পৰীয়া সন্মিলিত যুৱ সংঘ,বিনাপানী সংগীত মহাবিদ্যালয়, উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ জিলা অনুসুচিত জাতি ছাত্র সন্থাকে আদি কৰি বহু কেইটা সংগঠনে।
Also Read: ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ