চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ প্ৰস্তুতি

চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
চতিয়াত সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ দিগদৰ্শন সমাৰোহৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, জামগুৰিহাটঃ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদি সৰ্ব্বদিশতে পিছপৰা অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীসমূহৰ অন্যতম গৰীয়াসকল৷ নিজৰ জনগোষ্ঠীৰ পৰিচয় আৰু চেতনা জাগ্ৰত কৰি হৃত গৰিমা পুনৰুদ্ধাৰ কৰিবলৈ গঠন হৈছিল সদৌ অসম গৰীয়া জাতীয় পৰিষদ ৷

Advertisment

সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ব্যৱস্থাপনাত বিশ্বনাথ জিলা সমিতিৰ সহযোগত আৰু বৃহত্তৰ ঘাঁহিগাঁওবাসী ৰাইজৰ আতিথ্যত অসমৰ গৰীয়াসকলৰ মহামিলনৰ উদ্দেশ্যে অহা ২৫ আৰু ২৬ নৱেম্বৰত দুদিনীয়াকৈ চতিয়াৰ নুৰপুৰস্থিত ঘাঁহিগাঁও ৰাজহুৱা খেলাপথাৰত ফাতেহা-ঈ-দোৱাজ দহম উপলক্ষে দিগদৰ্শন সমাৰোহৰ আয়োজন কৰা হৈছে ৷

ইতিমধ্যে উদ্যোক্তাই তীব্ৰতৰ প্ৰস্তুতি চলাইছে ৷ লগতে দুদিনীয়া কাৰ্যসুচীত উপস্থিত থাকিবলৈ সকলোকে নিমন্ত্ৰণ জনাইছে ৷

Also Read: জামুগুৰিহাটত গাঞ্জাসহ আটক এজন

সদৌ অসম গৰীয়া জাতীয় পৰিষদ