জামুগুৰিহাটত গাঞ্জাসহ আটক এজন

জামুগুৰিহাটত গাঞ্জাসহ আটক এজন

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত গাঞ্জাসহ আটক এজন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীয়ে ৯ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা গাঞ্জা সৰবৰাহকাৰীটোৰ নাম আব্দুল চাহিদ।

Advertisment

জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি অঞ্চলটোৰ দীঘলিচাপৰি পৰা গাঞ্জা সহ আটক কৰে সৰবৰাহকাৰীটোক। উল্লেখ্য যে, মদ, ভাং, ড্ৰাগছকে ধৰি অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও একাংশই আৰক্ষীৰ চকুত ধূলি দি এইদৰে মদ ভাং গাঞ্জাৰ বেহা চলাই গৈছে।

Also Read: পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

drugs peddler drugs seized