ৰঙাচকুৱা ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপ

ৰঙাচকুৱা ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা খেলপথাৰত শনিবাৰে নিশা ৰঙাচকুৱা সাৰ্বজনীন ৰাস মহোৎসৱ অনুষ্ঠিত হয় ৷ সোণালী জয়ন্তী গৰকা ৰাস মহোৎসৱখনৰ শুভ উদ্ধোধন কৰে অৱসৰী জিলা পৰিবহন বিষয়া তথা বিশিষ্ট সমাজকৰ্মী দ্বিজেন দাসে ৷

ৰাসমহোৎসৱৰ এই শুভ উদ্ধোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ ডেকাই ৷ ৰাসমহোৎসৱৰ কাৰ্যসূচীত ৰাধাৰ চৰিত্ৰত নৃত্য পৰিৱেশন কৰে অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপে ৷ অঞ্চলটোৰ কেইবা সহস্ৰাধিক বিভিন্ন জাতিজনগোষ্ঠীয় ৰাইজে দুপৰ নিশালৈকে এই ৰাস উপভোগ কৰা দেখা যায় ৷

ৰঙাচকুৱা ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত মোহময়ী অভিনেত্ৰী অনন্যা কাশ্যপ
ডিমা হাচাওৰ কুৱেৰীৰ পৰা ৩ চালকক অপহৰণ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in