ডিমা হাচাওৰ কুৱেৰীৰ পৰা ৩ চালকক অপহৰণ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই

ডিমা হাচাওৰ কুৱেৰীৰ পৰা ৩ চালকক  অপহৰণ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই

ডিজিটেল ডেস্ক : শনিবাৰে ডিমা হাচাও জিলাত সংঘটিত এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। জিলাখনৰ এটা কুৱেৰীত কৰ্মৰত ৩গৰাকী চালকক অচিনাক্ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিয়ে। প্ৰথমেই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে শিলৰ কুৱেৰীটোত উপস্থিত হৈ শূণ্য লৈ গুলী নিক্ষেপ কৰে।

তাৰ পিছতে কুৱেৰীটোত কৰ্মৰত চালক ৩জনক অপৰহণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, শ্ৰমিকসকলে ট্ৰাকত শিল ভৰাই থাকোতেই ৩চাললক উদ্দেশ্য কৰি দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে বাকীসকল শ্ৰমিকৰ মাজত হুৱাদুৱা লাগে আৰু মুহূৰ্তৰ ভিতৰতে অস্ত্ৰধাৰী দলটোৱে পলায়ন কৰে বুলি জানিবলৈ দিয়ে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দলটোৱে ঘটনা সংঘটিত কৰিয়েই ঘন জংঘললৈ পলাই গুচি যায়।

ঘটনাৰ পিছতে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। অৱশ্যে সম্প্ৰতি কোনো তথ্য লাভৰ খবৰ আহি পোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

ডিমা হাচাওৰ কুৱেৰীৰ পৰা ৩ চালকক  অপহৰণ কৰিলে অস্ত্ৰধাৰী দুৰ্বৃত্তই
আমিনগাঁৱত আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in