অসমৰ সাংস্কৃতিক জগত শূণ্য কৰি ৪১ বছৰতে জীৱন নাট সামৰিলে সু-অভিনেতা,সু পৰিচালক নিতুমণি কলিতাই

চুপতিৰ তৰুণ গগৈ খ্যাত অংশুমান ভূঞাৰ সৈতে যুটি বান্ধি দুয়োৱে কৰা অভিনয়ে বিশেষকৈ বিহু মঞ্চসমূহৰ অভিনয়ত সাঁচ বহুৱাইছিল।
অসমৰ সাংস্কৃতিক জগত শূণ্য কৰি ৪১ বছৰতে জীৱন নাট সামৰিলে সু-অভিনেতা,সু পৰিচালক নিতুমণি কলিতাই

ডিজিটেল ডেস্ক : সু-অভিনেতা, কেইবাখনো চলচ্চিত্ৰৰ সহ-পৰিচালক,তেজপুৰৰ সু-সন্তান নিতুমণি কলিতা আৰু নাই। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে কলিতাই।

অলপতে মুক্তি পাব লগা 'সত্য দা ট্ৰুথ' নামৰ অসমীয়া বোলছবিখনৰো মুখ্য সহকাৰী পৰিচালক আছিল তেওঁ। বুধবাৰৰ নিশা তেজপুৰত এখন নাটকৰ আখৰাত ব্যস্ত থকা সময়তে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল কলিতা।

তেওঁক ততাতৈয়াকৈ তেজপুৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰা হৈছিল যদিও, স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত তেখেতক গুৱাহাটী লৈ অনা হৈছিল। বৃহস্পতিবাৰে তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। শুকুৰবাৰে পুৱাৰ ভাগত পুনৰ আন এক ষ্ট্ৰ'কত আক্ৰান্ত হোৱাত শেষ নিশ্বাস ত্যাগ কৰে নিতুমণি কলিতাই।

তেজপুৰৰ বাণ থিয়েটাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত কলিতা আছিল এগৰাকী সু-অভিনেতা আৰু সু-নৃত্যপৰিচালক। চিনেমাৰ বহু কাৰিকৰী দিশত অভিজ্ঞ কলিতা আছিল এগৰাকী প্ৰাক্তন সংবাদকৰ্মীও।

'আসাম টকছ' নামৰ চেনেলটোৰ প্ৰতিষ্ঠাকালৰ পৰাই তেওঁ জড়িত আছিল গুৱাহাটী কাৰ্যালয়ত। অৱশ্যে পৰৱৰ্তী সময়ত সেই বৃত্তি ত্যাগ কৰি তেওঁ বাণ থিয়েটাৰৰ সৈতে জড়িত হৈ পৰে। অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চত বহু সংখ্যক নাটকত অভিনয় কৰা কলিতাই গীতাঞ্জলী দাসৰ কেইবাটাও জনপ্ৰিয় গীততো অভিনয় কৰিছিল।

দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক আছিল কলিতা। বিহু আৰু সাংস্কৃতিক মঞ্চত তেওঁ ব্যাংগ অভিনয়েৰে দৰ্শকৰ মন মুহিছিল। চুপতিৰ তৰুণ গগৈ খ্যাত অংশুমান ভূঞাৰ সৈতে যুটি বান্ধি দুয়োৱে কৰা অভিনয়ে বিশেষকৈ বিহু মঞ্চসমূহৰ অভিনয়ত সাঁচ বহুৱাইছিল।

নিতু কলিতাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। বিশেষকৈ সাংস্কৃতিক চহৰ তেজপুৰৰ বহু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল নিতু কলিতা। কলিতাৰ অকাল মৃত্যুত বিভিন্নজনে শোক ব্যক্ত কৰিছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪১ বছৰ। তেওঁৰ নশ্বৰদেহ জন্ম চহৰ তেজপুৰতে শেষকৃত্য সম্পন্ন কৰা হ'ব। কলিতাৰ মৃত্যুত গভীৰ উদ্বেগ ব্য়ক্ত কৰিছে সত্য দা ট্ৰুথৰ পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে।

তেওঁ কয়- নিতু কলিতা এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। সত্য দা ট্ৰুথৰ বাবে তেওঁ যি কষ্ট আৰু অৰিহণা আহবঢ়াই থৈ গৈছে, সেয়া ভাষাৰ প্ৰকাশ কৰা সম্ভৱ নহয়। ২ ফেব্ৰুৱাৰীত মুক্তি পাব লগা ছবিখনৰ প্ৰিমিয়াৰৰ বাবে গুৱাহাটীলৈ অহাৰ কথা আছিল। তেওঁৰ এই অকাল বিয়োগত আমি মৰ্মাহত।

অসমৰ সাংস্কৃতিক জগত শূণ্য কৰি ৪১ বছৰতে জীৱন নাট সামৰিলে সু-অভিনেতা,সু পৰিচালক নিতুমণি কলিতাই
নিচামুক্ত ত্ৰিপুৰা গঢ়াৰ লক্ষ্য : কমল নগৰত প্ৰায় ৭০ হাজাৰ গাঞ্জাৰ গছ ধ্বংস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in