/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/db75f271-d7de-4791-833f-03eec2a1ee56/33.jpg)
ডিজিটেল সংবাদ,শিলচৰ : নিচামুক্ত ত্ৰিপুৰা গঢ়াৰ লক্ষ্যৰে এইবাৰ ত্ৰিপুৰা আৰক্ষীৰ বিশেষ অভিযান। বৃহস্পতিবাৰে সোণামুৰ থানাৰ আৰক্ষী, টি এছ আৰ আৰু বিএছএফে কমল নগৰ আনন্দপুৰ এলেকাত যুটীয়া অভিযান চলাই বুজন সংখ্যক গাঞ্জাৰ গছ ধ্বংস কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/49d2b5c0-2625-4a38-b24c-e6aabd7c605c/c393d2ef_096b_41fe_a918_036ffbbdb909.jpg)
এলেকাটোৰ মুঠ ৩২ খন বাগানত অভিযান চলাই প্ৰায় ৭০ হাজাৰ গাঞ্জা গছ ধ্বংস কৰে নিৰাপত্তা বাহিনীয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ দুষ্ট চক্ৰই কমল নগৰ আৰু আনন্দপুৰ এলেকাত নিষিদ্ধ গাঞ্জা খেতি কৰি আহিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/682f3264-e640-4092-8599-c4daa33b2451/84e73eeb_2506_404f_92fb_765a23ac386d.jpg)
গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পাছত বৃহস্পতিবাৰে বিশাল নিৰাপত্তা বাহিনী লৈ সোণামুৰা আৰক্ষীয়ে ধ্বংস কৰে প্ৰায় ৭০ হাজাৰ গাঞ্জাৰ গছ।
Also Read: মায়ঙৰ গাগলমাৰীত ভাংসহ এজনক আটক