/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/846f0310-f45d-468b-bdcf-5e4b47d8db70/12.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ বিশিষ্ট চলচ্চিত্ৰ তথা মঞ্চ অভিনেতা অৰুণ নাথৰ চিত্ৰ শিল্পৰ এখন একক প্ৰদৰ্শনী দেওবাৰৰ পৰা ৩দিনিয়াকৈ কৰুণাময়ী কলা নিকেতনৰ উদ্যোগত তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হয়। তেজপুৰৰ বিধায়ক শ্ৰী যুত পৃথ্বীৰাজ ৰাভাৰ উপস্থিতিত জিলা আয়ুক্ত শ্ৰীযুত দেৱ কুমাৰ মিশ্ৰই উন্মোচন কৰা প্ৰদৰ্শনী খনত প্ৰায় ৩০ খন ছবি প্ৰদৰ্শন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8fed75d1-1107-40e5-b94b-ea9e85cbfc34/e95fcc81_472a_4ecb_8685_6e4f728aa57d.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/173b7945-712f-4095-a733-ed1c1fd08d6a/73f18f80_ed08_4b3b_8968_e173c9735b02.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6f39a43b-bf85-41c5-8f1d-2857fe4513a4/612ea1e6_9c1f_4381_a9b1_594174aa6d06.jpg)
নিজৰ ভাষনত জিলা আয়ুক্ত গৰাকীয়ে তেজপুৰত এটা পূৰ্ণাংগ আৰ্ট গেলেৰীৰ অভাৱ তথা প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেখেতে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে চেষ্টা কৰিব বুলি উল্লেখ কৰে। আনহাতেদি বিধায়ক পৃথ্বীৰাজ ৰাভাই অৰুণ নাথৰ শিল্প কৰ্মৰ ভূয়সী প্ৰশংসা কৰি তেখেতক ইমান দিনে নিৰৱে চলাই থকা ছবি সমুহৰ অধিক প্ৰদৰ্শনীৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/dccff0db-8c96-4bf6-8347-fabe2ac43e2f/6405c097_e5e5_4802_8c02_2bc2ac340d3f.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e59ac218-b9c7-46f1-a8b8-c47db1be3b5c/07266d81_1756_4317_bcac_2c7494ad7d5e.jpg)
Also Read: বিশ্ব শিশু দিৱস উপলক্ষে সাদিন-প্ৰতিদিন গোষ্ঠীৰ বিশেষ আয়োজন