জামুগুৰিহাটত শৈক্ষিক আলোচনা সভা ও কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

জামুগুৰিহাটত শৈক্ষিক আলোচনা সভা ও কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত শৈক্ষিক আলোচনা সভা ও কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ টৌভঙাৰ আগ্ৰীপামত সদৌ অসম মগৰ সংঘ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতিৰ সহযোগত ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ শৈক্ষিক আলোচনা সভা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।মগৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ কাৰ্যালয় তথা জামুগুৰিহাটৰ আগ্ৰীপামৰ মগৰ ভৱনত অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

এই উপলক্ষে পুৱা পতকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰ পিছত দুপৰীয়া অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটিৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে জিলা সমিতিখনৰ সম্পাদক বিকাশ ছমালে৷

অনুষ্ঠানটিত সঞ্চালকৰ আসন অলংকৃত কৰে মগৰ সংঘৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি দিলীপ কেপছাকীয়ে ৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মগৰ সংঘৰ কেন্দ্ৰীয় সভাপতি ৰেখৰাজ পুৰ্থছানেই ৷

আনহাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে লিম্বু সাহিত্য সভাৰ সভাপতি ছত্ৰমান চুব্বাই ৷ শৈক্ষিক আলোচনা সভাখনিত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰে শৈক্ষিক দিশত সু দিহাপৰামৰ্শ আগবঢ়াই ৰঙাপাৰা কলেজৰ প্ৰবক্তা তথা বড়ো সাহিত্য সভাৰ উপ সভাতি প্ৰশান্ত বড়োৱে ৷

মগৰ সংঘৰ শিক্ষা সম্পাদক কিৰণ কুমাৰ থাপাৰ সঞ্চালনাত অনুষ্ঠিত অভিনন্দন ও সম্বৰ্দ্ধনা অনুষ্ঠানটিত কৃতি ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনাই উজ্জ্বল ভবিষ্যত কামনাৰে প্ৰাৰ্থনা জনোৱা হয় ৷

Also Read: লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

jamugurihat