লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

author-image
Asomiya Pratidin
New Update
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

ডিজিটেল সংবাদ, নগাঁও: ২১ জুনৰ নিশা লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত গড়াজান বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰৌমাৰী বিলত অবৈধভাৱে মাছ ধৰিবলৈ যোৱা দুজন চোৰাং মাছমৰীয়া বনৰক্ষীৰ গুলীত নিহত হৈছিল। এই ঘটনা সংক্ৰান্তত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এক নিৰ্দেশনাযোগে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।

Advertisment

নিৰ্দেশনাটোত জিলা আয়ুক্তই এই তদন্তৰ দায়িত্ব নগাঁও জিলা অতিৰিক্ত আয়ুক্ত সুদীপ নাথক অৰ্পণ কৰি অহা ১০ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে - উক্ত গুলী চালনাৰ ঘটনাটোত জিলাখনৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ধিঙবৰী চাপৰি গাঁৱৰ সমৰ উদ্দিন আৰু আব্দুল জলিল নামৰ দুজন লোকৰ মৃত্যু হৈছিল।

Also Read: টেঙাখাত আছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন

laokhowa wildlife sanctuary