/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7158b988-b721-4c24-90c9-0b0ee153cd77/5.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সমাগত দীপাৱলি উপলক্ষ্যে জামুগুৰিহাটৰ এগৰাকী ৭০উৰ্ধৰ মহিলাই ঘৰতে তৈয়াৰ কৰিছে একলাখ মাটিৰ চাকি। দিনৰাতি একাকাৰ কৰি পোহৰৰ উৎসৱ দীপান্বিতা উপলক্ষ্যে মায়া পাল নামৰ মহিলাগৰাকীয়ে নিজে তৈয়াৰ কৰিছে মাটিৰ চাকিসমূহ।
অকল জামুগুৰিহাটতে নহয় বিশ্বনাথ চাৰিআলি, গহপুৰ, তেজপুৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ ৰপ্তানি কৰা হয় জামুগুৰিহাটৰ গোপালপুৰৰ এই গৰাকী বয়সীয়া মহিলাই একক প্ৰচেষ্টাৰে তৈয়াৰ কৰা এই মাটিৰ চাকি। পূৰ্বতকৈ বৰ্তমান মাটিৰ চাকিৰ চাহিদা অধিক বৃদ্ধি পোৱা বুলি উল্লেখ কৰি এই গৰাকী জামুগুৰিহাটৰ মৃৎশিল্পীয়ে চীনা চাকিৰ পৰিৱৰ্তে থলুৱাভাৱে উৎপাদন হোৱা মাটিৰ চাকি দীপাৱলিত ব্যৱহাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।
Also Read: বিপদ মুক্ত জুবিনঃ প্ৰয়োজন জিৰণিৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us