ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত মাৰনাস্ত্ৰসহ ২যুৱকক গ্ৰেপ্তাৰ

ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত মাৰনাস্ত্ৰসহ ২যুৱকক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত মাৰনাস্ত্ৰসহ ২যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শোণিতপুৰঃ ৰাজ্যত অলকায়দা, ৰোহিঙীয়াৰ গতি পোৱা বুলি শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰাৰ পিছতেই শোণিতপুৰৰ চৰ চাপৰিত মাৰনাস্ত্ৰ সহ দুজনকৈ যুৱকৰ গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Advertisment

নগাওঁ সংমণ্ডল বন বিভাগ আৰু এটিপিএফ বাহিনীৰ যুটীয়া অভিযানত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰিৰ কুস্তামাৰী চৰত ঘৰত মজুত কৰি ৰখা দুটাকৈ ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন, ৩টা সজীৱ গুলীও উদ্ধাৰ কৰে।

এই সন্দৰ্ভত মুছলিম চাপৰিৰ কুস্তমাৰী চৰৰ জুলফিকাৰ আলি জুলফিকাৰ আলি(৩২)আৰু তজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হয়৷ এই ২ যুৱকে নিজৰ ঘৰত মজুত কৰি ৰাখিছিল মাৰনাস্ত্ৰখিনি৷ ইয়াৰ পিছতেই বন বিভাগে ঢেকিয়াজুলি আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে চোৰাং চিকাৰীৰ সন্দেহত গোচৰ ৰুজু কৰি দুটাকৈ ৭.৬৫ এম এম পিষ্টল,এটা মেগজিন ,৩টা সজীৱ গুলীসহ জুলফিকাৰ আলি আৰু তজিবুৰ ৰহমানক গতাই দিয়ে ঢেকিয়াজুলি আৰক্ষীক৷ আৰক্ষীয়ে সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷

Also Read: কামেশ্বৰ পাহাৰত একেলগে বৃক্ষৰোপন হাজোৰ দুই ধৰ্ম প্ৰধানৰ

assampolice