কামেশ্বৰ পাহাৰত একেলগে বৃক্ষৰোপন হাজোৰ দুই ধৰ্ম প্ৰধানৰ

কামেশ্বৰ পাহাৰত একেলগে বৃক্ষৰোপন হাজোৰ দুই ধৰ্ম প্ৰধানৰ

author-image
Asomiya Pratidin
New Update
কামেশ্বৰ পাহাৰত একেলগে বৃক্ষৰোপন হাজোৰ দুই ধৰ্ম প্ৰধানৰ

ডিজিটেল সংবাদ, হাজোঃ দেওবাৰে এক বিশেষ বৃক্ষ ৰোপন কাৰ্যসূচীত একেলগে অংশগ্ৰহণ কৰিলে হাজোৰ দুই ধৰ্ম প্ৰধানে। হাজোৰ জনস্বাস্থ কাৰীকৰি বিভাগে লোৱা বৃক্ষ ৰোপন আৰু জাৱৰ মুক্ত ভাৰত কাৰ্যসূচীত অংশ ল'লে হাজো মাধৱ দেৱালয়ৰ দলৈ শিৱ প্ৰসাদ শৰ্মা আৰু পোৱামক্কা দৰগাহৰ খাদিম তৌফিক হুছেইনে।

Advertisment

হাজোৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃগাংক বেজবৰুৱাই নেতৃত্ব দিয়া কাৰ্যসূচী ত অঞ্চলটোৰ কেইবা জনো লোকে অংশ লয়। হাজোৰ কামেশ্বৰ পাহাৰত কেইবা শতাধিক বৃক্ষ ৰোপন কৰাৰ সমন্তৰালকৈ ধৰ্মীয় স্থানসমূহো চাফ-চিকুণ কৰা হয়।

এনে যোগাত্মক দৃষ্টি ভংগীৰ বাবে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে হাজো জনস্বাস্থ্য কাৰিকৰী বিভাগ ।

Also Read: নামৰূপ পৌৰসভাৰ কৰ সংগ্ৰাহকক গ্ৰেপ্তাৰ

hajo MADHAB DEVALAY POAMAKKA