বাৰেচহৰীয়া ভাওনাস্থলী পৰিদৰ্শন উত্তৰ অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকৰ

পৰিদৰ্শন কৰে উত্তৰ অসম আৰক্ষী উপ মহাপৰিদৰ্শক বিজয় কুলিগাম আৰু শোনিতপুৰ জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই

author-image
Asomiya Pratidin
New Update
বাৰেচহৰীয়া ভাওনাস্থলী পৰিদৰ্শন উত্তৰ অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকৰ

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বাৰেচহৰীয়া ভাওনালৈ মাজত মাথো তিনি দিন। জামুগুৰিহাটৰ পকামুৰা পথাৰত অহা ৬ মাৰ্চৰ পৰা চাৰি দিনীয়া কৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ।

Advertisment

ভাওনাৰ প্ৰাকমূহুৰ্তত বুধবাৰে বিয়লি ভাওনাস্থলী পৰিদৰ্শন কৰে উত্তৰ অসম আৰক্ষী উপ মহাপৰিদৰ্শক বিজয় কুলিগাম আৰু শোনিতপুৰ জিলা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ অসম আৰক্ষীৰ দুয়োগৰাকী উচ্চ পদস্থ বিষয়াই বাৰেচহৰীয়া ভাওনাস্থলী পৰিদৰ্শন কৰি আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত ভাওনা উদযাপন সমিতিৰ বিষয় ববীয়াৰ সৈতে আলাপ আলোচনা কৰে ৷

ডি আই জি গৰাকীয়ে পকামুৰা পথাৰত নিৰ্মীয়মাণ খলাসমূহৰ লগতে প্ৰদৰ্শনীস্থলী আৰু সাংস্কৃতিক অনুস্থান, মূল মণ্ডপৰ লগতে সকলো দিশ পৰ্যবেক্ষণ কৰি গঁঞা ৰাইজে বাঁহ বেত আৰু খেৰৰে বৃহৎ মণ্ডপ নিৰ্মানৰ কাৰু কাৰ্য প্ৰত্যক্ষ কৰি অভিভুত হৈ পৰে।

দুয়োগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াই বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সফলতা কামনা কৰে ৷ আনহাতে স্থানীয় তথা জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উপস্থিতিৰ দিন সমূহত নিৰপত্তা ব্যৱস্থা অধিক কটকতীয়া কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

Also Read: অৰুণোদয় আঁচনিত হিতাধিকাৰীৰ নাম বাছনিত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ দলৰ

Assam police bhaona sonitpur police susanta biswa sarma