/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/70df058a-d372-47b3-b09c-37615d0c68bd/r3.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ অৰুণোদয় আঁচনি ২.০ সন্দৰ্ভত অভিযোগ ৰাইজৰ দলৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাত অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ নামত সোমাইছে বিধায়কৰ আত্মীয় ,প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ,পঞ্চায়ত সচিব আৰু প্ৰতিনিধিৰ নাম এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ মুখপাত্ৰ অধিবক্তা আনিচুৰ ৰহমানে।
বুধবাৰে অধিবক্তা আনিচুৰ ৰহমানে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ মিলি হাটশিঙিমাৰী জিলা উপায়ুক্তক ৩খন আবেদন দাখিল কৰিছে। তথ্য সহকাৰে উপায়ুক্তক লিখিত আবেদন প্ৰদান কৰি প্ৰকৃত হিতাধিকাৰীক আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।
লক্ষণীয় যে পঞ্চায়ত প্ৰতিনিধিসকলে গাঁও সভা পাতি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি কৰিছিল যদিও উক্ত তালিকাৰ পৰা ৩০ শতাংশ লোকৰ নাম মূল তালিকাত অন্তৰ্ভুক্ত কৰি ধনী শ্ৰেণীৰ অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6ec96b8a-eb47-456d-bbff-faeabf33280c/490b256c_7094_4980_a1f1_355ac11edf8a.jpg)
Also Read: আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ৰহা টোল গেটত আক্ৰমন চলোৱা তিনি আক্ৰমনকাৰীক কৰায়ত্ব