/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/263284a7-e92c-423a-9816-8cecb9d6c201/WhatsApp_Image_2023_04_08_at_7_33_15_PM.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ সমাজৰ উত্তৰণৰ ক্ষেত্ৰত থকা অনবদ্য অৱদানৰ বাবে শোণিতপুৰৰ খনামুখ বালিগাঁৱৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী কমিচন মিলিক বৃহত্তৰ খনামুখবাসী ৰাইজৰ সহযোগত আগবঢ়োৱা হৈছে ভৰলীপৰীয়া সমাজ হিতৈষী বঁটা । এই উপল্যক্ষে দেওবাৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰংগমঞ্চত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত ভৰলীপৰীয়া সমাজ হিতৈষী বঁটাৰে কমিচন মিলিক সন্মানি কৰা হয় ।
এই উপলক্ষে পুৱাই বৃক্ষৰোপন কৰাৰ পিছতে দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ পুৰ্ণেস্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰণি সমিতিৰ সভাপতি মোহন উপাধ্যায়ে । অনুষ্ঠানৰ অন্তত বিশিষ্ট সমাজসেৱক গৰাকীক অসমীয়াৰ জাতীয় স্বাভিমান ফুলাম গামোছা, চেলেং চাদৰ, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।
কমিচন মিলিয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি হিচাপে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতলৈ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এইদৰে সন্মানিত কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তেখেতৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লবলোচন দাস, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাতিয়ে সমাজসেৱক গৰাকীৰ জীৱন পৰিক্ৰমাৰ বিষয়ে বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত সমাজসেৱক গৰাকীৰ নামত এটি বোকাগাঁও মিৰি, বালিগাঁও মিৰি আৰু চিলনী হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথচোৱাৰ প্ৰতীকী উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতিয়ে বিশিষ্ট সমাজকৰ্মী কমিচন মিলিৰ জীৱনৰ ওপৰত আধাৰিত অভিনন্দন গ্ৰন্থ "মুদজুম" উন্মোচন কৰে ।
Also Read: হোৱেৰ ইজ ডেমক্ৰেচি?