হোৱেৰ ইজ ডেমক্ৰেচি?

হোৱেৰ ইজ ডেমক্ৰেচি?
হোৱেৰ ইজ ডেমক্ৰেচি?

মৃদুল কুমাৰ সন্দিকৈ

গণেশগুৰি উৰণীয়া সেতুৰ এটা খুঁটাত হঠাৎ কোনোবাই আঁকি গ'ল এখন ছবি। এখন সাধাৰণ ছবি নহয় এইখন। সেই ছবিখন যিয়েই প্ৰত্যক্ষ কৰিছে তেওঁৰ মনলৈ এবাৰৰ বাবেও হ'লেও এই ভাব আহিছে, যিজন চিত্ৰকৰে এই ছবিখন আঁকিছে তেওঁ প্ৰতিবাদৰ মাধ্যম হিচাপে ইয়াক ব্যৱহাৰ কৰিছে।

'গণতন্ত্ৰ ক'ত?'( Where is Democracy ?) ছবিখনৰ সৈতে কেৱল এইটো বাক্যই লিখা হৈছিল। ছবিখন অংকন কৰা চিত্ৰশিল্পীগৰাকীৰ এক প্ৰতিবাদী সত্বা আছে। তেওঁক সুধা হৈছিল কিয়, কি কাৰণত এই ছবিখন তেওঁ অংকন কৰিলে?

অকলে নে, লগত আন কোনোবা আছিল তেওঁৰ সৈতে? তেওঁ ক'লে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত আপুনি ক'ৰবাত গণতন্ত্ৰক বিচাৰি পায়নে? সংবিধানৰ নীতি নিয়ম মানি চলা হৈছেনে?

এই পৰিৱেশ আমাৰ ভৱিষ্যতৰ বাবে ভয়ংকৰ কথা নহয়নে? চিত্ৰ শিল্পীজনৰ এই প্ৰশ্ন কেইটাতে ছবিখন অংকন কৰা লক্ষ্য আৰু উদ্দেশ্য লুকাই আছে। তেওঁ লগতে জনালে ৮ এপ্ৰিল, ২০২৩, শনিবাৰে নিশা তেওঁলোকে এই ছবিখন অংকন কৰিছিল।

প্ৰায় ১ বজাৰ পৰা ৩ বজালৈকে আঁকি গৈছিল ছবিখন। ভবা নাছিল ছবিখন কেনেকুৱা হৈছিল। কিন্তু এই কথা তেওঁলোকৰ মনত বহু দিনৰ পৰাই খেলাই আছিল। এখন ছবিৰে সাম্প্ৰতিক সময়ৰ বিৰুদ্ধে মাতি মাতিব পাৰি।

তাত কোনো দল, নেতাৰ নাম নাই। হয়তো শাসক পক্ষক এই ছবিখনে হুলে বিন্ধাৰ দৰে বিন্ধিব। মানুহে প্ৰতিবাদৰ ভাষা কেৱল শ্ল'গানকেই বাচি লোৱাৰ পৰিৱেশ এতিয়া নাই। প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ সমদল নকৰে।

ইতিহাসে কয়, ছবি প্ৰতিবাদৰ অন্যতম শ্ৰেষ্ঠ ভাষা হৈ আহিছে। সেই ভাষাকেই যেন তুলি ধৰিলে তেওঁলোকে। লগৰ চিত্ৰশিল্পীজনৰ নাম তেওঁ নকলে। নিজৰ নামটে উল্লেখ কৰি এই কথাও জনালে যে, যদি ছবিখন অঁকাৰ বাবে কিবা ব্যৱস্থা লয়, তেতিয়াই তেওঁলোকৰ উদ্দেশ্য সফল হ'ব।

ভয় কৰি তেওঁলোকে ছবিখন অঁকা নাই। বহু দিনৰ পৰাই তেওঁলোকৰ মনত ক্ৰিয়া কৰি আছিল কথাবোৰে। গণতন্ত্ৰ এতিয়া শোষণতন্ত্ৰ হৈ পৰিছে। যিকোনো প্ৰক্ৰিয়াৰে শাসক পক্ষই জনতাক শোষণ কৰিব খোজে। এতিয়া ৰাইজেই ৰজা, সেই মূল্যায়ণ গণতন্ত্ৰত নহয়।

ৰাইজক এতিয়া শাসক পক্ষই হিতাধিকাৰী সজাই পেলালে। বিভিন্ন কৌশলেৰে তেওঁলোকক জেপত ভৰাই লৈ গণতন্ত্ৰৰ নামত আখৰা হে চলাই। এফালে বিনামূলীয়া সামগ্ৰী, টকা আনফালে কৰৰ বোজা। আমি আমাৰ শক্তিশালী অৰ্থনীতিৰ বুনিয়াদটোক ধ্বংস কৰি জাক-জমকতাৰে ভৰা ক্ষণস্থায়ী আৰু ভৱিষ্যতহীন প্ৰেক্ষাপট ৰচনা কৰি গৈ আছো।

ছবিখনত যথেষ্ট ক্ষোভ আছে। ছবিখনত আছে বহু লোকে মনত লৈ ফুৰা অব্যক্ত ভাষা। সেয়েহে ছবিখনক লৈ এচাম আশাবাদী হৈ পৰিছে। অন্ততঃ এই ছবিখন শাসকপক্ষই এবাৰ নিজ চকুৰে চাওঁক। ইয়াক কেৱল এখন সাধাৰণ ছবি বুলি আওকান কৰিলে নহ'ব।

এয়া সময়ৰ সকিয়নী। সময়ৰ প্ৰশ্ন। শাসকীয় পক্ষ বা গণতান্ত্ৰিক ব্যৱস্থাৰে জড়িত নেতাসকলৰ প্ৰতি আঙুলি উঠিছে। শাসনৰ বাঘজৰী লৈ একনায়কত্ববাদৰ আৰ্হিৰে কোনোবাই কিছু দিন শাসন কৰিব পাৰে। কিন্তু সেই শাসন চিৰস্থায়ী হ'ব নোৱাৰে।

মাইকেল বৰুৱা নামৰ চিত্ৰশিল্পীগৰাকীৰ এই প্ৰতিবাদী কণ্ঠ দেখাত সাধাৰণ যেন লাগিলেও সাধাৰণ জনতাক টেটু চেপি ধৰা গণতন্ত্ৰক ভৰিৰে মোহাৰিব খোজা ক্ষমতাত অন্ধ হৈ পৰা সেইসকলে এনেবোৰ প্ৰতিবাদৰ ভাষা কিমানদূৰ বুজিব সেয়া এক পৃথক বিষয়। কিন্তু ক'ৰবাৰ পৰা এক আৱাজ উঠিছে।

মানুহৰ কণ্ঠক কোনেও বাধা দি ৰাখিব নোৱাৰে। শাসক পক্ষই ক্ষমতাৰ উপযুক্ত ব্যৱহাৰ কৰক। মানুহৰ স্বাৰ্থৰ হকে গণতন্ত্ৰৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰক। আজি হয়তো কোনোবাই মাত মাতিব পৰা নাই। কিন্তু এদিন সেই মাত সমস্বৰে নিৰ্গত হ'ব।

চকুত ক্ষোভৰ জুই জ্বলিব। অসন্তুষ্টিবোৰে মানুহৰ ভয়, ভিত্তিক পহৰাই পেলাব। সেই জাগৰণৰ সূচনা হ'লে ৰাইজৰ কোপদৃষ্টিৰ পৰা কোনো সাৰি যাব নোৱাৰিব।

হোৱেৰ ইজ ডেমক্ৰেচি?
জামুগুৰিহাটত ৰেলৰ খুন্দাত নিহত এগৰাকী মহিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in