সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসকে প্ৰহাৰ কৰিলে ৰোগীৰ আত্মীয়ক !

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বাহিনী মোতায়েন

author-image
Asomiya Pratidin
New Update
সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসকে প্ৰহাৰ কৰিলে ৰোগীৰ আত্মীয়ক !

সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসকে প্ৰহাৰ কৰিলে ৰোগীৰ আত্মীয়ক !

ডিজিটেল ডেস্কঃ সোণাপুৰ জিলা চিকিৎসালয়ত সংঘটিত উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে ৰোগীক আত্মীয়ক প্ৰহাৰৰ অভিযোগ।

Advertisment

অভিযোগ অনুসৰি চিকিৎসালয়খনৰ চিকিৎসক ডাঃ অৰুণ কোঁৱৰে এগৰাকী প্ৰসূতীৰ আত্মীয়ক লাঠিৰে প্ৰহাৰ কৰিছে। চিকিৎসালয়খনত গৰ্ভাৱস্থাত এগৰাকী প্ৰসূতিৰ শিশুৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি। স্থানীয় একাংশ দল, সংগঠনেও এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

এই ঘটনাৰ পাছতে চিকিৎসালয়খনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে উপস্থিত হয় স্থানীয় দণ্ডাধীশো। তেওঁ এই ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰিছে।

ইফালে ভুক্তভোগী পৰিয়ালে ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Also Read: ঢকুৱাখনাত ভয়ংকৰ দুৰ্ঘটনাত দুজনে হেৰুৱালে প্ৰাণ...

সোণাপুৰ