ঢকুৱাখনাত ভয়ংকৰ দুৰ্ঘটনাত দুজনে হেৰুৱালে প্ৰাণ...

এতিয়াও চিনাক্ত কৰিব পৰা নাই দুয়োকে

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ঢকুৱাখনাত ভয়ংকৰ দুৰ্ঘটনাত দুজনে হেৰুৱালে প্ৰাণ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড় জিলাৰ পঞ্জীয়ন ভুক্ত এ এছ ০৭এছ ৭১৭৩ নম্বৰৰ এখন এলট' বাহনে তীব্ৰ গতিত আহি আছিল ঢকুৱাখনা দিশৰ পৰা ঘিলামৰা দিশত।

Advertisment

এনেতে জামুগুৰি দলং পাৰ হৈ সো দিশৰ এটা দ খাৱৈত পৰি যায়। গাড়ীখনৰ প্ৰচণ্ড শব্দ শুনি সন্ধিয়া প্ৰায় ৮-৩০ বজাত ৰাইজ ওলাই আহি দুৰ্ঘটনা প্ৰত্যক্ষ কৰে। পাছত স্থানীয় ৰাইজ আহি প্ৰায় ৬ফুট দ পানীত নামি দুজন ব্যক্তিক উদ্ধাৰ কৰে সংজ্ঞাহীন অৱস্থাত।

ঘটনাৰ খবৰ পাই ঘিলামৰা থানাৰ অ'চি নিতুল ডেকা আৰু আৰক্ষী বাহিনী আহি মুমূৰ্ষু অৱস্থাত ব্যক্তি দুজনৰ পৰিচৰ্যা কৰি নিজৰ গাড়ীত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ব্যক্তি জনৰ মৃত্যু ঘটে।

পাছত আৰু এগৰাকী ব্যক্তিক ৰাইজে পানীত নামি উদ্ধাৰ কৰে যদিও সেইগৰাকী ব্যক্তিৰো মৃত্যু ঘটে। অদ্যপি নিহত ব্যক্তি দুগৰাকী চিনাক্ত হোৱা নাই।

Also Read: শিৱসাগৰত জাপানীজ এনকেফেলাইটিছৰ তাণ্ডৱঃ১৪ জন আক্ৰান্ত, প্ৰাণ হেৰুৱালে ৩ জনে...

ঢকুৱাখনা পথ দুৰ্ঘটনা