সোণাপুৰ মহাবিদ্যালয়ত আগতীয়াকৈ বিহু, নাকৰ A+ গ্ৰেড লাভৰ পাছত উৎসৱ মুখৰ পৰিৱেশ...

বিশ্ব বিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ পৰিদৰ্শনৰ পিছতেই এ+ গ্ৰেডেৰে গৌৰৱ কঢ়িয়াই আনিছে সোণাপুৰ মহাবিদ্যালয়ে।
sonapur college
sonapur college

ডিজিটেল ডেস্কঃ বিশ্ব বিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয়  মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ  পৰিদৰ্শনৰ পিছতেই এ+ গ্ৰেডেৰে গৌৰৱ কঢ়িয়াই আনিছে সোণাপুৰ মহাবিদ্যালয়ে। চিজিপিএ ৩.৩১ লাভেৰে এ প্লাছ গ্ৰেড লাভ কৰিছে মহাবিদ্যালয় খনে অহা ৫ বছৰৰ বাবে।

নাকৰ কৰ্তৃপক্ষই সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰক আনুষ্ঠানিকভাৱে এই কথা সদৰি কৰে।নাকৰ এই মূল্যায়নত এ প্লাছ গ্ৰেড লাভ কৰাত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰী আৰু স্থানীয় ৰাইজে সন্তুষ্টি ব্যক্ত কৰাৰ লগতে কলেজখনত সৰ্বাংগীন সুন্দৰ ৰূপত তুলি ধৰাৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, সোণাপুৰ মহাবিদ্যালয় স্থাপন কৰা হৈছিল ১৯৯১ চনত। ৩২ বছৰ গৰকা সোণাপুৰ মহাবিদ্যালয়ে ২০২০ চনত ইণ্ডিয়া টুডে বেষ্ট কলেজ চাৰ্ভেত দেশৰ কলা শাখাৰ মহাবিদ্যালয়ৰ ভিতৰত ১০৯ নম্বৰ আৰু সকলো শাখাৰ ভিতৰত ৮৯ নম্বৰ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল।

এনআইআৰএফৰ ৰেংকতো ২০১৮ চনত সোণাপুৰ মহাবিদ্যালয়ে ১০৯ নম্বৰ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছিল। মহাবিদ্যালয় খনৰ এই সফলতাৰ বাবে শিক্ষামন্ত্ৰী ৰনোজ পেগুইও সন্তুষ্টি ব্যক্ত কৰিছে। শিক্ষা মন্ত্ৰী গৰাকীয়ে নাকৰ একিডিয়েশ্যন আৰু এচেচমেন্টত এ প্লাছ গ্ৰেড লাভ কৰাৰ বাবে সোণাপুৰ মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

Summary

বিশেষকৈ মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰ, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিক শুভেচ্ছা জ্ঞাপন কৰি শিক্ষামন্ত্ৰী পেগুৱে আশা ব্যক্ত কৰে- এয়া আৰাম্ভণিহে। গুণগত শিক্ষাৰ ক্ষেত্ৰত মহাবিদ্যালয় খনে আৰু আগবাঢ়ি যাব বুলি সামাজিক মাধ্যমত মন্তব্য কৰে।

নাকৰ এই মূল্যায়নৰ ফলাফল শুকুৰবাৰে লাভ কৰাৰ পাছতে বিদ্যালয়খনত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে। মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী তথা অধ্যক্ষ সহিতে সকলোৱে মহাবিদ্যালয়ৰ চৌহদত নাচি বাগি আনন্দত ভাগ ল'লে।

আনহাতে এই সফলতাৰ বাবে মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী,কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বৃহত্তৰ ডিমৰীয়া ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।এই মহাবিদ্যাল খন প্ৰতিষ্ঠা কালৰ পৰা যি সকল লোকৰ অৱদান জড়িত হৈ আছে তেওঁলোককো স্মৰণ কৰে অধ্যক্ষ গৰাকীয়ে।

sonapur college
আমিনগাওঁ ক্ৰেতা- বিক্ৰেতাৰ সন্মিলন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in