আমিনগাওঁ ক্ৰেতা- বিক্ৰেতাৰ সন্মিলন

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প, কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে আমিনগাওঁস্থিত যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন অনুষ্ঠিত কৰা হয়।
আমিনগাওঁ ক্ৰেতা- বিক্ৰেতাৰ সন্মিলন

ডিজিটেল সংবাদ, আমিনগাঁওঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প, কামৰূপৰ উদ্যোগত আৰু কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত শুকুৰবাৰে আমিনগাওঁস্থিত যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এখনি ক্ৰেতা বিক্ৰেতা সন্মিলন অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা সভাখনত কামৰূপ জিলাৰ প্ৰায় ১০টাকৈ কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সেই কোম্পানীৰ অধীনস্থ কৃষকৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ লগতে বস্ত্ৰৰ প্ৰদৰ্শনৰ তথা বিক্ৰী‌ কৰে।

সভাখনত কামৰূপ জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰী, এপাৰ্টৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত তথা বিভাগৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী ক্ৰেতায়ো অংশগ্ৰহণ কৰে।

সভাৰ উদ্বোধনী ভাষণত অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈয়ে কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিসকলক উদ্দেশ্যি কোম্পানীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰু কৃষক উৎপাদক কোম্পানী প্ৰতিষ্ঠা কৰিবলৈ আনকো উৎসাহিত কৰিবলৈ অনুৰোধ জনায়। ভাষণ প্ৰসংগত তেখেতে কৃষকসকলক প্ৰকৃত বজাৰ এখন পাবৰ বাবে উৎপাদিত সামগ্ৰীৰ পেকেজিঙৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনায়। ইয়াৰ পাছত ক্ৰেতা- বিক্ৰেতাৰ মাজত মত বিনিময় কাৰ্যসূচীৰ অন্তত বুজা-বুজি চুক্তিত স্বাক্ষৰেৰে সভাখনৰ সামৰণি পৰে।

আমিনগাওঁ ক্ৰেতা- বিক্ৰেতাৰ সন্মিলন
ব্যৱসায়িক প্ৰতিষ্ঠান, জি +২ আৱাসিক বিল্ডিং, ধৰ্মীয় স্থান, ৰে'ল-বাছ ষ্টপেজত লগাব লাগিব চি চি কেমেৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in