পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ...

মহানগৰী পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ...

ডিজিটেল ডেস্কঃ মহানগৰী পানীখাইটিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। পানীখাইটি থানাৰ অন্তৰ্গত চপাইডাঙত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি পুত্ৰ প্ৰন্তুছ দাসৰ চাবুকৰ কোবত প্ৰাণ যায় পিতৃ  দয়া ভত্তাৰ। অত্যধিক সুৰা পান কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে দেওবাৰে নিশা পিতৃ দয়া ভত্তাই অত্যধিক সুৰা পান কৰি পত্নী আৰু পুত্ৰক মাৰপিট কৰিছিল । এই কথাতে ক্ষুন্ন হৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা পিতৃ পুত্ৰৰ মাজত হতাহতি হয়।

 এটা সময়ত পুত্ৰই এডাল চাবুলেৰে পিতৃক প্ৰহাৰ কৰে আৰু ফলত পিতৃ দয়া ভত্তা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লব লগা হয়। ইতিমধ্যে ঘটনাস্থলিত পানীখাইতি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তুছ দাসক গ্ৰেপ্তাৰ কৰিছে।

Also Read: বিৰোধীক সবল হোৱাৰ আহ্বান শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ...

Assam police