বিৰোধীক সবল হোৱাৰ আহ্বান শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ...

বিৰোধীক সবল হোৱাৰ আহ্বান শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ লোক সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক ৰবিবাৰে সন্ধ্যা নদুৱাৰ সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তা প্ৰমুক্ষে সদস্য সকলে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে জামুগুৰিহাটস্থিত নদুৱাৰ সমষ্টিৰ বিজেপিৰ কাৰ্যালয়ত ৷ দলীয় প্ৰাৰ্থীত্ব ঘোষণা হোৱাৰ পাচতেই নিজৰ দলীয় কৰ্মী সকলৰে আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যৰেই নদুৱাৰ সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হৈ লোকসভা নিৰ্ব্বাচনৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই সাংবাদিকৰ সন্মুখত বিৰোধীক সবল হবলৈ অনুৰোধ জনায় ৷

বিৰোধী নাথাকিলে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰো মনবোৰ সেমেকি যায় ৷ সমষ্টিটোৰ বানপানী সমস্যা,গঢ়াখহনীয়া সমস্যাকেধৰি অন্যান্য সমস্যা সমুহ ৰূপায়নৰ বাৱে সংসদৰ মজিয়াত সবল দাৱী উত্থাপন কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থী গৰাকীয়ে ৷ লোক সভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পৰা এক লাখ ভোট লাভ কৰিম বুলিও দাৱী কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৷ দলীয় সভাখনিত অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in