নৃশংস! পুত্ৰই হত্যা কৰিলে পিতৃক…

নৃশংস! পুত্ৰই হত্যা কৰিলে পিতৃক…

author-image
asomiyapratidin
New Update
নৃশংস! পুত্ৰই হত্যা কৰিলে পিতৃক…

পুত্ৰ

ডিজিটেল সংবাদ,মানকাচৰ: মানকাচৰৰ সুখচৰত পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ। নিহত লোক জনৰ নাম কৰিম বক্স বুলি জানিব পৰা গৈছে।

আব্দুল বাতেন নামৰ যুৱক জনে নিজৰ পিতৃক লাঠিৰে মূৰত কোবাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে প্ৰথমে সুৰা পান কৰি যুৱক জনে নিজৰ কণমানি পুত্ৰক প্ৰহাৰ কৰি আছিল।

নাতিয়েকক প্ৰহাৰ কৰা দেখি পুত্ৰ আব্দুল বতেনক বাধা দিছিল পিতৃ কৰিম বক্সে। ফলত নিজৰ পিতৃকো লাঠিৰে মূৰত আঘাত কৰে।

গাঁৱবাসীয়ে দুয়োকে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু কৰিম বক্স ইতিমধ্যে মৃত্যু মুখত পৰে। বৰ্তমান পলাতক অৱস্থাত অভিযুক্ত পুত্ৰ।

আৰু পঢ়ক: নাহৰকটীয়াৰ চৌদিশে অবৈধ মজুত বালিৰ পাহাৰ…

assam Assam police murder case crime case