নাহৰকটীয়াৰ চৌদিশে অবৈধ মজুত বালিৰ পাহাৰ…

নাহৰকটীয়াৰ চৌদিশে অবৈধ মজুত বালিৰ পাহাৰ…

  ডিজিটেল সংবাদ, নামৰূপ:  জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে বনধ্বংস কৰা দুষ্কৃতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বিভাগৰ কিছু কাৰ্যই অসাধু ব্যৱসায়ীৰ সৈতে বন বিভাগৰ  মিতিৰালি চলি থকাৰ সন্দেহৰ অৱতাৰণা কৰিছে। 

ইয়াৰ কাৰণ হৈছে নাহৰকটীয়া খণ্ডবন কাৰ্যালয়ৰ অধীনত চলি থকা বালিৰ অবৈধ ব্যৱসায় সমূহ। উল্লেখ্য যে দীৰ্ঘসময় ধৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত চলি থকা বালিৰ অবৈধ ব্যৱসায় দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে সংশ্লিষ্ট বিভাগে ।

জানিব পৰামতে বালিৰ অবৈধ ব্যৱসায়ৰ বিষয়ে  জানিও আজিলৈকে  "বিভাগীয় অফেন্স" ল'ব পৰা নাই বন বিভাগে ৷  জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নাহৰকটীয়া খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ অধীনত থকা বালিৰ মহল কেইটা হৈছে ক্ৰমে বুঢ়ী দিহিঙৰ বুকুত থকা ৰেলৱে দলঙৰ  সমীপত থকা ১১ নম্বৰ বালিৰ মহল, পকীদলঙৰ পৰা গাভৰু দলং পৰ্যন্ত ২০ নম্বৰ বালিৰ মহল আৰু জাগুণ এলেকাত থকা ২২ নম্বৰ মহল ৷

ইয়াৰে ২২ নম্বৰ মহলটো আৱন্টিত হৈছিল যদিও নিবিদাকাৰীয়ে দুটা কিস্তি দিয়াৰ পিচত মহলটোৰ নিবিদাৰ ধন দিবলৈ ব্যৰ্থ হয়। এই মহলটো নাহৰকটীয়া জাগুণৰ এচাম লোকৰ নেতৃত্বত চলি আছে ৷ জাগুণৰেই একাংশ অবৈধ বালিৰ ব্যৱসায়ীয়ে পাহাৰ আকাৰত অবৈধভাৱে বালি মজুত কৰি ৰখা পৰিলক্ষিত হৈছে ৷

লক্ষ্যণীয় যে এই অঞ্চলত মজুত থকা কেইবাশ ট্ৰাকো বালিৰ বিপৰীতে মাত্ৰ ৫০ চি.এম বালিহে "অফেন্স"কৰি বনবিভাগে সামান্য ব্যৱস্থা গ্ৰহণ কৰিছে। ৫০ চি.এমৰ পৰিমাণ হৈছে কেৱল পাঁচ ট্ৰাক জোখৰ বা ১০০০ চি.এফ.টিৰ বালি যদিও আজিৰ তাৰিখত বহু হাজাৰ চি.এফ.টি বালি মহলটোত মজুত হৈ আছে ৷ আনহাতে ১১ নম্বৰ মহলটোত বালিৰ অবৈধ ব্যৱসায়ৰে ৰাজত্ব কৰিছে আন এজন বালিৰ ব্যৱসায়ৰ লগত জড়িত যুৱকে।

ইফালে ২০ নম্বৰ মহলটো অবৈধ বালিৰ ব্যৱসায় চলাই আছে  কেইগৰাকীমান  ৰাজনৈতিক ক্ষমতাৰে পৰিপুষ্ট বুলি সততে  জাহিৰ কৰি ফুৰা লোকে  ৷ এই ক্ষেত্ৰত বুঢ়ীদিহিঙৰ বুকুত অবৈধ বালিৰ ব্যৱসায় কৰাসকলক জে.চি.বি আদিৰে সহযোগিতা আগবঢ়াই আছে নাহৰকটীয়াৰে একাংশ জেচিবি মালিকে ৷ সৰ্বোপৰি বালিৰ এই অবৈধ ব্যৱসায়ীসকলে চাচনী -নাহৰকটীয়া-গেঠুপথাৰ তিনিআলিৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ডৰ কাষত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি বালি মজুত কৰা বৃহৎ এলেকা এটাও স্থাপন কৰিছে ৷

অভিযোগ উঠিছে এনে অবাধ বালিৰ ব্যৱসায় পৰিচালনা কৰি আহিছে পূৰ্বতে কংগ্ৰেছ দলত থকা আৰু বৰ্তমান শাসকীয় দলৰ জনৈক গগৈ উপাধিৰ এজন যুৱকে।  এই সকলোবোৰ জানিও নজনাৰ ভাও জুৰি আছে স্থানীয়  বনবিভাগ।

উল্লেখ্য যে নিজকে ক্ষমতাসম্পন্ন দেখুৱাই এইসকলে বিনা ট্ৰানজিত পাছেৰে বালিৰ অহৰহ সৰবৰাহ কৰি আহিছে । অৱশ্যে দিহিং পাটকাইত চলি থকা বন ধ্বংসযজ্ঞ বন্ধ কৰিব নোৱাৰা তথা বন বিষয়াৰ সৈতে থকা কাঠ মাফিয়াৰ গোপন মিতিৰালিৰ বিষয়ে অৱগত হৈও কোনো ব্যৱস্থা গ্ৰহণ নকৰা ডিব্ৰুগড়ৰ সাংমণ্ডলিক বন বিষয়াই এনে অবৈধ বালিৰ ব্যৱসায় সম্পৰ্কত কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in