/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ চাপৰৰ ছছলাপাৰা গাঁৱত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। পিতৃক হত্যা কৰিলে পুত্ৰই। মঙলবাৰে সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, তিনি পুত্রই নৃশংসভাৱে হত্যা কৰিলে পিতৃক। খেদি খেদি আন এঘৰৰ চোতালত ঘপিয়াই হত্যা কৰে পিতৃক। নিহত পিতৃৰ নাম ছপিয়াল আলী।হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে তিনি পুত্রই। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত এই জঘন্য কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে ৩ পুত্ৰক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত।
Also Read: দাংধৰাত কমিউনিটি ছিড বেংকৰ শুভাৰম্ভ..